উত্তৰ পূৰ্বাঞ্চলত খুন্দা মৰাৰ সম্ভাৱনা

sddefault 2

আগন্তুক ৪৮ ঘন্টাৰ ভিতৰত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত খুন্দা মাৰিব পাৰে সাগৰীয় ঘূৰ্ণী বতাহ আমপান এ ৷ প্ৰতিঘন্টাত ১৭০ -১৮০ কিলোমিটাৰ বেগত আহিবলগীয়া এই ঘূৰ্ণী বতাহ এই আমপান” কোন দিশেৰে প্ৰৱেশ কৰিব সেয়া স্পষ্ট হোৱা নাই । ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যৰ আধাৰত মহানগৰীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে “বংগোপসাগৰৰ দক্ষিণ পূব উপকূলত ঘন্টাত তিনি কিলোমিটাৰ বেগেৰে শক্তি সঞ্চয় কৰা সাগৰীয় ঘূৰ্ণী বতাহ “আপপান” এ আগন্তুক ৪৮ ঘন্টাত ভয়ংকৰ ৰূপ ধাৰণ কৰি উত্তৰ পূৰ্বাঞ্চলত খুন্দা মাৰিব পাৰে ৷ অৱশ্যে এই ঘূৰ্ণীবতাহে কোন দিশে গতি কৰিব সেয়া স্পষ্ট হোৱা নাই ৷ আগন্তুক ২৪ ঘন্টাৰ ভিতৰত ঘূৰ্ণী বতাহৰ দিশ নিৰ্ণয় হোৱাৰ সম্ভাৱনা থকা বুলি সূত্ৰটোৱে জনাই ।লগতে পশ্চিমবংগৰ দক্ষিণ পূব অঞ্চলত শক্তি সঞ্চয় কৰি থকা ঘূৰ্ণী বতাহে যদি নিশাৰ ভাগত গতি কৰে তেন্তে প্ৰতি ঘন্টাত ১০০ -১১০ কিলোমিটাৰ বেগত অহাৰ সম্ভাৱনা আছে ।

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া অধ্যয়নৰ তথ্য অনুসৰি পৰ্যায়ক্ৰমে এই ঘূৰ্ণী বতাহৰ বেগ বৃদ্ধি পাব । অৱশ্যে অহা ২০ মে’ৰ পৰা ক্ৰমান্বয়ে ইয়াৰ গতিবেগ হ্ৰাস পাব বুলি সূত্ৰটোৱে জনায় । এই মূহূৰ্তত ঘূৰ্ণীবতাহ কোন দিশেৰে আমপান এ গতি কৰিব সেয়া স্পষ্ট নহ’লেও পশ্চিমবংগৰ উত্তৰ-পশ্চিম হৈ উত্তৰ পূৰ্বাঞ্চলত খুন্দা মৰাৰ সম্ভাৱনা আছে । ওড়িছাৰ উপকূলীয় অঞ্চলৰ উপৰি বাংলাদেশৰ বিভিন্ন স্থানত মেদিনীপুৰ, উত্তৰ ২৪ পৰগনা, দক্ষিণ ২৪ পৰগনা, সুন্দৰবন আদিত ব্যাপক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে । ইয়াৰ পৰিপ্ৰেক্ষিতত ওড়িয়া চৰকাৰ আৰু পশ্চিমবংগ চৰকাৰে সংশ্লিষ্ট স্থানসমূহত সতৰ্কতামূলক জাননী জাৰি কৰাৰ উপৰি উপকূলীয় অঞ্চলসমূহ খালী কৰা বুলিও সূত্ৰটোৱে অৱগত কৰে । ওড়িছাৰ পাৰদ্বীপ পৰা ৯৯০ কিলোমিটাৰ আৰু দীঘাৰপৰা ১৪০ কিলোমিটাৰ আৰু বাংলাদেশৰ খেপুয়াগড়ৰ পৰা ২৬০ কিলোমিটাৰ দূৰৈত আমপান ঘূৰ্ণী বতাহে শক্তি সঞ্চয় কৰি থকা বুলি সূত্ৰটোৱে জনায় ।

Exit mobile version