কৰ’না আৰু তলাবন্ধৰ প্ৰভাৱ: বিশ্বত বৃদ্ধি পাব দৰিদ্ৰতা, হ্ৰাস পাব বাণিজ্য

wrist and hand pain

বিশ্ব অৰ্থনীতি এতিয়া কৰ’না আৰু তলাবন্ধৰ নেতিবাচক প্ৰভাৱৰ মাজেৰে আগবাঢ়িছে । বিশ্বৰ অৰ্থনৈতিক ব্যৱস্থাটোৰ প্ৰায় ৯০শতাংশৰ ওপৰত যিকোনো প্ৰক্ৰিয়াৰেই নহওক কিয় কৰ’না আৰু তলাবন্ধৰ প্ৰভাৱ স্পষ্ট হৈ পৰিছে । যাৰ প্রত্যক্ষ প্ৰভাৱত কৰ্ম সংস্থাপন হেৰুৱাবলগীয়া হৈছে বৃহৎসংখ্যকে । আমদানি -ৰপ্তানি সম্পূৰ্ণভাৱেই বিপৰ্যস্ত হৈ পৰিছে । ইয়াৰ লগতে বিভিন্ন পৰিসেৱাৰ চাহিদা স্তব্ধ প্ৰায় হৈ পৰিছে।এই সকলো মিলি চলিত বৰ্ষৰ অন্তলৈ বিশ্ব অৰ্থনীতি ৩.২শতাংশলৈ সংকুচিত হৈ পৰিব পাৰে । বিশ্ব অৰ্থনীতিক লৈ এই আশংকা প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই । এই বিত্তীয় সংকোচন হ’ব ১৯৩০ ৰ মন্দাৱস্থাৰ পাছত সৰ্বোত্তম ।

কৰ’না আৰু তলাবন্ধৰ প্ৰভাৱত অহা দুটা বছৰত বিশ্ব অৰ্থনীতিত ৮.৫লাখ কোটি ডলাৰৰ ব্যৱসায় হ্ৰাস পাব পাৰে বুলিও ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনখনত সম্ভাৱনা প্ৰকাশ কৰা হৈছে । যোৱা চাৰি বছৰত বিশ্ব অৰ্থনীতি যিমানখিনি আগবাঢ়িছিল কৰ’নাৰ প্ৰভাৱত ইয়াৰ ওপৰত সম্পূৰ্ণভাৱে পানী পৰাৰো সম্ভাৱনা আছে । প্ৰতিবেদনখনত সবাতোকৈ অধিক উদ্বেগ প্ৰকাশ কৰা হৈছে বৃদ্ধি পাবলগীয়া দৰিদ্ৰতাক লৈ । চলিত বৰ্ষৰ অন্তলৈ সমগ্ৰ বিশ্বত ৩.৪৩কোটি লোক নতুনকৈ দৰিদ্ৰতাৰ সীমাৰেখাৰ তললৈ আহিব পাৰে । ৰাষ্ট্ৰসংঘৰ মাপকাঠিলৈ দৈনিক ১.৯ ডলাৰতকৈ কম উপাৰ্জন কৰা লোকসকলক দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত ৰখা হয় ।

একমাত্ৰ এই ৩.৪৩কোটি লোকেই নহয়, ২০২০ লৈ দৰিদ্ৰতাৰ সীমাৰেখাৰ তললৈ আহিবলগীয়া নতুন লোকৰ সংখ্যাই ১৩কোটি অতিক্ৰম কৰিব । ফলত কৰ’না পৰৱৰ্তী বিশ্বৰ সন্মুখত জনসাধাৰণৰ মাজত বৈষম্য দূৰ কৰাটোৱেই হৈ উঠিব এক বৃহৎ প্রত্যাহ্বান হিচাপে। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন খনত আশা কৰা অনুসৰি চলিত বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বৰ্ধিত হাৰ ১.২ শতাংশৰ ভিতৰতে সীমাবদ্ধ হৈ থাকিব । যোৱা বছৰ এই বৃদ্ধিৰ হাৰ আছিল ৪.১শতাংশ । কিন্তু কৰ’নাই যদি পুনৰ দ্বিতীয়বাৰলৈ আক্ৰমণ কৰে তেনেহ’লে বিশ্ব অৰ্থনীতি আৰু অধিক তললৈ নামিব পাৰে বুলিও আশংকা প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই । প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি চলিত বৰ্ষৰ প্ৰথম তিনিমাহত বিশ্ব বাণিজ্য যোৱা বছৰৰ তুলনাত তিনি শতাংশ হ্ৰাস পাইছে । আনহাতে, দ্বিতীয় তিনি মাহত বিশ্ব বাণিজ্য ২৭শতাংশ পৰ্যন্ত হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

Exit mobile version