কৰ’না যুদ্ধত মোদীৰ কাষত ১৯৬৫ ৰ যুদ্ধত ছহিদৰ পত্নী

IMG 20200518 203201

১৯৬৫ ত ভাৰত পাকিস্তানৰ যুদ্ধত ছহিদ হৈছিল স্বামী । তাৰ পাছতে পৰা প্ৰয়াত স্বামীৰ পেঞ্চনৰ ধনেৰেই সংসাৰ চলাইছিল উত্তৰাখণ্ডৰ অগস্ত্যমুনি চহৰৰ বাসিন্দা দৰ্শনী দেৱীয়ে । সেই বৃদ্ধায়ে এতিয়া সংগ্ৰামখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাষত থিয় দি সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । কৰ’না যুদ্ধত সহায়ক হোৱাৰ বাবেই ৮২ বছৰীয়া বৃদ্ধাগৰাকীকয়ে সম্প্ৰতি পি এম কেয়াৰ্ছ ফাণ্ডত দান দিলে জীৱনৰ শেষ সম্বলস্বৰূপ পেঞ্চনৰ ধনৰ দুই লাখ টকা ৷ অশীতিপৰ বৃদ্ধাৰ এই মহানুভৱতাৰ বিষয়ে অৱগত হৈ মুগ্ধ ভাৰতীয় সেনা বাহিনীৰ মুৰব্বী বিপিন ৰাৱাট ৷ সকলোকে দৰ্শনী দেৱীৰ আদৰ্শ অনুকৰণ কৰিবলৈকো তেওঁ আহ্বান জনাইছে ৷

স্থানীয় সূত্ৰই জনোৱা মতে, ১৯৬৫ ত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুদ্ধত অসীম সাহসিকতাৰ পৰিচয় দিছিল দৰ্শনী দেৱীৰ স্বামীয়ে ৷ সেনা বাহিনীৰ হাবিলদাৰৰূপে কৰ্মৰত অৱস্থাত তেওঁ যুদ্ধত ছহিদ হৈছিল ৷ তেতিয়াৰ পৰা উত্তৰাখণ্ডৰ মহিলাগৰাকীয়ে প্ৰয়াত স্বামীৰ পেঞ্চনৰ ধনেৰেই জীৱন নিৰ্বাহ কৰিছিল ৷ সম্প্ৰতি সমগ্ৰ বিশ্বৰ লগতে ভাৰতো কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হৈছে । কৰ’নাৰ স’তে মোকাবিলা আৰু তলাবন্ধৰ বাবে সংকটৰ সন্মুখীন হোৱা সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ সাহায্যৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে গঠন কৰে বিশেষ ত্ৰাণ তহবিল ৷ ইতিমধ্যে উদ্যোগপতি অভিনেতা,ক্ৰীড়াবিদ আদিৰ পৰা আৰম্ভ কৰি সাধাৰণ মানহলৈকে অসংখ্য লোকে সাধ্য অনুসাৰে পি এম কেয়াৰ্ছ ফাণ্ডলৈ আৰ্থিক অনুদান আগবঢ়াইছে ৷ প্ৰধানমন্ত্ৰীৰ সেই তহবিললৈকে জীৱনৰ শেষ সম্বলখিনিৰ পৰা দুই লাখ টকা দান কৰিলে দৰ্শনী দেৱীয়ে । স্থানীয় প্ৰশাসনক অশীতিপৰ বৃদ্ধই এই ধন প্ৰদান কৰে৷ এই কথা অৱগত হোৱাৰ লগে লগে আপ্লুত হৈ পৰে দেশৰ প্ৰতিৰক্ষা বিভাগৰ মুৰব্বী ৰবাৰ্ট ৷ আৰু দশৰ্নী দেৱীক প্ৰশংসাৰে উপচাই পেলাই ৷

Exit mobile version