ছয়গাঁও সমষ্টিৰ গৰৈমাৰী উন্নয়ন খণ্ডত ১০০০ টকীয়া বৃহৎ কেলেংকাৰি

সম্প্ৰতি তলাবন্ধৰ সময়ছোৱাত আর্থিক সংকটত ভোগা দৰিদ্ৰ লোকক চৰকাৰে প্ৰদান কৰা এহেজাৰ টকাৰ সাহায্য বিতৰণৰ ক্ষেত্ৰত বৃহৎ কেলেংকাৰি সংঘটিত হৈছে কামৰূপ জিলাৰ গৰৈমাৰি উন্নয়ন খণ্ডত । এই কেলেংকাৰিত জড়িত থকাৰ অভিযোগত যোৱা নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গৰৈমাৰী উন্নয়ন খণ্ডৰ   উন্নয়ন বিষয়া চৈয়দ জয়নাল হুছেইন, জোৰশিমলু আৰু টুক্ৰাপাৰাৰ পঞ্চায়ত সচিব চেকেন্দাৰ আলী, কংগ্ৰেছৰ ৱাৰ্ড সদস্য চাহেৰা খাতুন আৰু সমবায়ৰ এজেন্ট ৰমজান আলীক ।

ADVERTISEMENT

তলাবন্ধৰ সময়ছোৱাত গৰৈমাৰী অঞ্চলত চৰকাৰে দুখীয়া লোকক প্ৰদান কৰা এহেজাৰ টকাৰ ক্ষেত্ৰত বিয়াগোম কেলেংকাৰি সংঘটিত কৰাৰ লগতে ধনী লোকক এই টকা প্ৰদান কৰাৰ উপৰি জাল স্বাক্ষৰ লৈ অন্য লোকক ধন প্ৰদান কৰাত ছয়গাঁও আৰক্ষী থানাত এজন সচেতন লোকে এজাহাৰ দাখিল কৰাৰ পিছত ৪০১/২০ নম্বৰত এক গোচৰ ৰুজু কৰিছিল । সেই গোচৰৰ যোৱানিশাৰ পৰা অভিযান চলাই গৰৈমাৰীৰ বি ডি অ’ চৈয়দ জয়নাল হুছেইনক বাইহাটা চাৰিআলিৰ ঘৰৰ পৰা আৰক্ষী বিষয়ায়ে গ্ৰেপ্তাৰ কৰে । একেদৰে বকোৰ ৰৌ মাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে টুক্ৰাপাৰা আৰু জোৰশিমলুৰ পঞ্চায়ত সচিব ছেকেন্দাৰ আলীক । ইয়াৰ পাছতে জোৰশিমলুৰ পৰা কংগ্ৰেছৰ নিৰ্বাচিত ৱাৰ্ড সদস্য চাহেৰা খাতুন আৰু সমবায়ৰ এজেন্ট ৰমজান আলীক আটক কৰে । পুৱা ছয়গাঁও আৰক্ষী থানাত চাৰিওকে চিকিৎসা কৰাৰ পিছত আদালতলৈ প্ৰেৰণ কৰে ।

Exit mobile version