বিশ্বত কৰ’না ভাইৰাছৰ সংহাৰী ৰূপ

donaldtrum

সমগ্ৰ বিশ্বত প্ৰতিমুহূৰ্ততে পৰিৱৰ্তন হৈছে কৰ’নাৰ প্ৰেক্ষাপট ৷ বিশ্বত কৰ’নাত আক্ৰান্ত হৈছে ৪৭,১৩,৭৬৯ জন ৷সুস্থ হৈ উঠিছে ১৭,৩৩,৯৬৩ জন ৷ আৰু মৃত্যু হৈছে ৩,১৫,১৮৭ জন ৷

১.ইটালীত আজিৰে পৰা দোকান,ৰেষ্টুৰেণ্ট আৰু চেলুন খুলিব ৷প্ৰায় ডেৰ মাহৰ পিছত ইটালীত স্বাভাৱিক জীৱন ধাৰণৰ আশা কৰিছে জনসাধাৰণে ৷

২.দক্ষিণ কোৰিয়াত শিক্ষা মন্ত্ৰ্যালয়ৰ অনুসৰি বুধবাৰৰ পৰা দেশত ২০ মে’ৰ পৰা বিদ্যালয় খুলিব ৷যদিও প্ৰাথমিক আৰু কিণ্ডাৰগাৰ্দেন কিছুদিনৰ পিছত খুলিব ৷উল্লেখযোগ্য যে দেশখনত কৰ’নাৰ আক্ৰান্তৰ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰ সক্ষম হৈছিল যদিও চিয়োলত এটা নাইট ক্লাবৰ এজন কৰ’নাত আক্ৰান্তৰ ব্যক্তিৰ পৰা ১৬৮ জন লোক কৰ’নাত আক্ৰান্ত হৈছিল ৷

৩.চীনৰ ৰাজধানী ৱেইজিঙত নাগৰিকে সম্প্ৰতি মাস্ক পৰিধান কৰাতো বাধ্যতামূলক নহয় ।কিন্তু মাস্ক পৰিধান নকৰিলেও সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব নাগৰিকে । কৰ’নাৰ সংক্ৰমণ হ্ৰাস হোৱালৈ চাই এই সিদ্ধান্ত চৰকাৰৰ ৷

৪.সুবিধা পালেই কৰ’না ভাইৰাছক লৈ চীনক কটাক্ষ কৰা ড’নাল্ড ট্ৰাম্পে শনিবাৰে আকৌ দেশখনত অৰ্থ অৱস্থাৰ বিৰুদ্ধে মন্তব্য কৰে ।লগতে পুনৰ আমেৰিকাৰ অাৰ্থিক অৱস্থা শক্তিশালী কৰিবলৈ দৃঢ়বদ্ধ ট্ৰাম্প ৷

৫.মহামাৰীৰ কাৰণে থাইলেণ্ডত সকলো আন্তঃৰাষ্ট্ৰীয় বিমান ৩০ জুনলৈকে বাতিল ৷

৬.আমেৰিকাত বিগত ২৪ ঘন্টাত ১২৩৭ জন লোকৰ মৃত্যু ৷সংক্ৰমণ হৈছে প্ৰায় ১৫ লাখ ৷মৃত্যু হৈছে ৯০ হেজাৰ ১১৩ জন৷

৭.লণ্ডনত শনিবাৰে কিছুসংখ্যক জনতাই তলাবন্ধ উলংঘা কৰাৰ লগতে সামাজিক দূৰত্বও উলংঘা কৰে ৷আৰক্ষীয়ে এই সন্দৰ্ভত ১৯ জন লোকক গ্ৰেপ্তাৰ কৰে।

৮.ইজৰাইলত বিগত ২৪ ঘন্টাত দুজন ব্যক্তিৰ শৰীৰত কৰ’না ভাইৰাছ ৷ইপিনে বিদ্যালয়সমূহ খোলা হৈছে যদিও অভিভাৱকে সন্তানৰ স্বাস্থ্যৰ প্ৰমাণ পত্ৰ দেখুৱাব লাগিব ।লগতে ছাত্ৰ ছাত্ৰীসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ৷

৯.পাকিস্তানত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা প্ৰায় ৪০ হেজাৰ ৷ মৃত্যু হয় ৪৭৩ জন ৷

১০.আনহাতে ভাৰতবৰ্ষত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ৯৬,১৬৯ জন ৷সুস্থ হৈছে ৩৬,৮২৪ জন আৰু মৃত্যু হৈছে ৩,০২৯ জন ৷

Exit mobile version