ভুৱা হিতাধিকাৰীক চৰকাৰী ধন বিতৰণ কৰি নিলম্বিত হ’ল জুৰীয়াৰ বি ডি অ’

IMG 20200518 WA0010

কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে বলবৎ কৰা তলাবন্ধৰ সময়ত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেছন কাৰ্ড নথকা দৰিদ্ৰ লোকক এহেজাৰকৈ টকা বিতৰণৰ নামত সংঘটিত ব্যাপক অনিয়মৰ অভিযোগত নগাঁও জিলাৰ জুৰীয়া উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া বিষয়া মইনুল হক চৌধুৰীক আজি অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ডা: জে বি এক্কাই এক নিৰ্দেশ যোগে তৎকালে বলবৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰে ।

উল্লেখ্য যে, উন্নয়ন খণ্ডটোৰ অধীনৰ কছাৰী গাঁও আৰু গদাইমাৰী পঞ্চায়ত দুখনত এন এফ এছ এৰ ৰেছন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগত উত্থাপিত হৈছিল। সেই অভিযোগৰ ভিত্তিতেই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিৱ বা:জে বি এক্কাই এই অনিয়মৰ সন্দৰ্ভত এক তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱাশীষ বৈশ্যক নিৰ্দেশ দিয়ে । বিষয়া জনৰ তদন্তত উন্নয়ন খণ্ডটোত ৰেছন কাৰ্ড নথকা দৰিদ্ৰ হিতাধিকাৰী বাচনিত সংঘটিত অনিয়ম পোহৰলৈ আহে ।

মুখ্য কাৰ্যবাহী বিষয়া জনৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ডাঃ এক্কাই জুৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া জনক কৈফিয়ৎ তলবো কৰাৰ লগতে পঞ্চায়ত দুখনৰ পঞ্চায়ত সচিব দুজনক নিলম্বন কৰিছিল। ইপিনে, কাৰণ দৰ্শোৱাৰ জাননীৰ ভিত্তিত খণ্ড উন্নয়ন বিষয়া ম‌ইনুল হক চৌধুৰীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত তেওঁৰ লিখিত উত্তৰ দাখিল কৰিছিল। হকৰ লিখিত উত্তৰত সন্তুষ্ট হোৱা নাছিল বিভাগ । যাৰ বাবে আজি মইনুল হক চৌধুৰীক এক নিৰ্দেশ যোগে চাকৰিৰ পৰা নিলম্বন কৰা হয় । উল্লেখ্য যে, উন্নয়ন খণ্ডটোৰ কছাৰীগাঁও গাঁও পঞ্চায়ত আৰু গদাইমাৰী গাঁও পঞ্চায়তত হিতাধিকাৰীৰ তালিকাত বহু ভুৱা আৰু অযোগ্য লোকৰ নামো সন্নিবিষ্ট কৰা হৈছিল ।

খণ্ড উন্নয়ন বিষয়া জনৰ অসতৰ্কতাৰ বাবেই অযোগ্য লোকৰ নাম হিতাধিকাৰীৰ তালিকাত সন্নিৱিষ্ট হোৱাৰ তথ্য তদন্তত পোহৰলৈ আহিছিল । আনহাতে, উন্নয়ন খণ্ডটোৰ অধীনৰ কছাৰীগাঁও গাঁও পঞ্চায়ত আৰু গদাইমাৰী গাঁও পঞ্চায়তৰ সচিব ক্ৰমে – আছাদুজ জামান আৰু পম্পী ডেকাক এই একে অনিয়মৰ অভিযোগৰ ভিত্তিতে যোৱা ৮ এপ্ৰিলত নিলম্বনৰ নিৰ্দেশ দিছিল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত গৰাকীয়ে।

Exit mobile version