আৱশ্যক নহয় ভেকচিনৰ

download

এইবাৰ চীনৰ এটা লেবটৰীৰ দাবী যে তেওঁলোকে তৈয়াৰ কৰা ঔষধৰ জৰিয়তে কৰ’না ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰিব । লগতে এই ঔষধৰ দ্বাৰা ভাইৰাছত সংক্ৰমিতসকল সুস্থ হৈ উঠিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পাব । চীনৰ উহানৰ পৰা আৰম্ভ হোৱা কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে । সম্প্ৰতি বিশ্বৰ ১৮৫ দেশক কৰ’নাই সংহাৰী ৰূপ ধাৰণ কৰিছে । ৱেইজিঙৰ এখন বিশ্ববিদ্যালয়ৰ সঞ্চালক চানী ঝীয়ে সংবাদমাধ্যমৰ আগত কয় যে জানুৱাৰীৰ পৰা এই ঔষধৰ পৰীক্ষণ সফল হৈছে ৷ তেওঁলোকে কৰ’নাত সংক্ৰমিত এটা নিগনিৰ ওপৰত ঔষধৰ পৰীক্ষা কৰিছিল আৰু পাঁচ দিনৰ পিছত কিছু সুস্থ হৈ উঠিছিল নিগনিটো ৷

গতিকে ঔষধটোক লৈ যথেষ্ট আশাবাদী ঝী ৷ আনহাতে চীনৰ লেবটৰীত প্ৰস্তুত কৰা কৰ’না ভাইৰাছৰ ঔষধটোৱে মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব । ইফালে চানী ঝীৰ লগতে তেওঁৰ এটি বিশেষ দলে এন্টিবডিৰ কাৰণে দিনে নিশাই ব্যস্ত আছে ৷ কাৰণ ইতিমধ্যে প্ৰকাশ পাইছে যে কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰাত এন্টিবডিৰ প্ৰয়োগে সুস্থ কৰি তুলিব পাৰে আক্ৰান্তক ৷ আনহাতে নিউট্ৰিলাইজড নামৰ এন্টিবডিটো এই মহামাৰীৰ প্ৰতিৰোধৰ কাৰণে ঔষধ হিচাপে ব্যৱহাৰ হ’ব পাৰে । লগতে বিগত সপ্তাহত এজন স্বাস্থ্য বিশেষজ্ঞই কৈছিল যে চীনত পূৰ্বৰে পৰা পাঁচটা ভেকচিন মানৱ শৰীৰত পৰীক্ষা কৰা হৈছে । উল্লেখযোগ্য যে এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ মত যে ভেকচিন প্ৰস্তুতৰ কৰিবলৈ ১২ ৰ পৰা ১৮ মাহৰ প্ৰয়োজন ৷

Exit mobile version