তলাবন্ধৰ ম্যাদ যিমানেই বৃদ্ধি কৰা হৈছে সিমানেই সমাজৰ একাংশ লোকক কৰ’নাৰ ভয়াৱহতাই আতংকিত কৰাৰ লগতে অৰ্থনৈতিক অৱস্থাই বেছি আতংকিত কৰি তুলিছে ৷ ধৰ্মীয়, সামাজিক উৎসৱকে ধৰি বহু অনুষ্ঠান কৰ’না আতংকৰ বাবে বন্ধ কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত সমাজৰ হাজাৰ হাজাৰ লোক বিগত দুমাহে স্বতঃস্ফূৰ্তভাবে নিবনুৱা হৈ থকাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ বিশেষকৈ বিবাহ, অন্নপ্ৰসন্নকে ধৰি ধৰ্মীয় উৎসৱ, অনুষ্ঠান আদি বন্ধ হৈ পৰাত টেন্ট হাউচ, আলোকসজ্জা আদি প্ৰতিষ্ঠানসমূহৰ মালিক আৰু তেওঁলোকৰ অধীনত কাম কৰা হাজাৰ হাজাৰ লোক হৈ পৰিছে কৰ্মহীন ৷
বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ লেংটিছিঙা অঞ্চলৰ সুশীল সৰকাৰ, দীপক সাহা, প্ৰহ্লাদ মণ্ডল, সুশান্ত বসাক, অভয়াপুৰীৰ অজিত সাহা, হিমু দাস, ৰমেন দাস, মৃদুল দাস, ফজৰ আলি, বীতু সাহা, নৱ সাহা, দ্বীপেন ৰায়, দিগন্ত ৰায়, সৃজনগ্ৰাম বৰঘোলাৰ মুন কলিতা, দ্বীবেশ ৰায়, বৰ-নাৰিকলাৰ প্ৰদীপ মেধি, গুনিয়ালগুৰীৰ ৰঞ্জিত ৰায়, ৰবি ৰায়, বটগুৰিৰ অৰূপ ৰায়, চাৰিপুণীয়াৰ ৰামচৰণ নাথ, আমগুৰীৰ সুভাংক সৰকাৰ, লতিবাৰীৰ জাহাংগী আলি, কুশবাৰীৰ চোলেমান আলিকে ধৰি মহকুমাটোৰ বিভিন্ন অঞ্চলত থকা সৰু-বৰ টেন্ট হাউচৰ মালিক আৰু শ্ৰমিকসকলে দুমাহ ধৰি কাম বন্ধ হৈ থকাত তেওঁলোকৰ পৰিয়ালৰ মাজত কৰ’নাৰ আতংকতকৈ অৰ্থনৈতিক দুৰাৱস্থাৰ আতংকই বেছিকৈ প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হৈছে ৷
ইপিনে বিবাহ আদি উৎসৱ-পাৰ্বনত অপৰিহাৰ্য অংগ হিচাপে বিবেচিত হোৱা কেটাৰিং গ্ৰুপৰ কৰ্মীসকলো কৰ্মহীন হোৱাৰ বিপৰীতে ঢুলীয়া, বেণ্ড পাৰ্টি আদিৰ শিল্পীসকলে কৰ্মহীন হোৱাত আৰ্থিক ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে ৷ বিবাহ, বিহু, অন্নপ্ৰসন্ন আদি উৎসৱৰ উপযুক্ত সময়তে নিবনুৱাসকল আৰ্থিকভাৱে স্বচ্ছল হোৱাৰ লগতে দুবেলা দুমুঠি যোগাৰ কৰি পৰিয়াল পোহ-পাল দিয়াৰ যি সপোন ৰচিছিল সেয়া নিমিষতে মৰহি যোৱাত দিশহাৰা হৈছে এইসকল লোক ৷
ইপিনে এনে পৰিয়ালবোৰে বিগত দিন সমূহত বিভিন্ন উৎসৰ সংগ্ৰহ পৰা ঋণৰ বোজা পৰিশোধ কৰাৰ কোনো বিকল্প পথ নেদেখি দুশ্চিন্তাত দিন অতিবাহিত কৰিব লগা হৈছে ৷ এনে অৱস্থাত ঘৰৰ সা-সামগ্ৰী, পোহনীয়া হাঁহ, কুকুৰা , ছাগলী আদি বিক্ৰী কৰি কোনোমতে পৰিয়াল পোহ-পাল দিছে যদিও তলাবন্ধ পুনৰ বৃদ্ধি কৰাত ভৱিষ্যত অৰ্থনৈতিক মন্দাৱস্থাৰ ছবিখন চকুত উদ্ভাসিত হোৱাত আতংকগ্ৰস্ত হৈছে লোকসকল ৷ ইপিনে কৰ’নাৰ ভয়াবহতাই আতংকিত কৰাতকৈ অৰ্থনৈতিক দুৰাৱস্থাই জুৰুলা কৰা এনে সহস্ৰাধিক লোকৰ জীৱনৰ লগতে পৰিয়ালৰ নিৰাপত্তাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সু-দৃষ্টি আজি পৰ্যন্ত নপৰাত উদ্বিগ্নতা প্ৰকাশ কৰিছে লোকসকলে ৷






























