এছিয়াৰ ভিতৰতে সৰ্বাধিক দ্ৰুতগতিত কৰ’না বাঢ়িছে ভাৰতত

coronavirus 4833754 1920

সমগ্র এছিয়াৰ ভিতৰতে দ্ৰুতগতিত ভাৰতত বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংক্ৰমণ । সম্প্ৰতি ভাৰত বিশ্বজোৰা এই মহামাৰীৰ দ্বাৰাসবাতোকৈ শোচনীয় ভাৱে আক্ৰান্ত দেশৰূপে পৰিগণিত হৈছে । বেচৰকাৰী সংস্থাৰ দ্বাৰা প্ৰকাশিত শেহতীয়া তথ্য অনুসৰি ভাৰতত বিগত সপ্তাহৰ পৰা এতিয়ালৈ ২৮ শতাংশ কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । চুবুৰীয়া পাকিস্তানত এই হাৰ ১৯ শতাংশ । পাব্লিক হেল্থ অৱ ইণ্ডিয়াৰ সহযোগী অধ্যাপক ৰাজমোহন পাণ্ডাই কয়, সন্মুখৰ প্ৰত্যাহ্বান বৃহৎ যদিও দুই খলপা কৌশল গ্ৰহণ কৰিলে সংক্ৰমণ হ্রাসৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণাধীন কৰি ৰাখিবলৈ সহায় হ’ব।’ তেওঁ কয় যে কম আয়ৰ লোকসকলৰ মাজত এতিয়া সৰ্বাধিক অগ্ৰাধিকাৰ দিব লাগে । তদুপৰি উপ-জিলা পৰ্যায়ত প্ৰতিৰোধী ব্যৱস্থা ল’ব লাগে। কালিৰে পৰা দেশৰ ৰাজ্যসমূহত তলাবন্ধৰ শিথিলতা অধিক হৈছে ।

ইপিনে বিশেষজ্ঞসকলৰ মতে এই শ্রমিকসকল পুনৰ পূর্বৰ কৰ্মভূমিলৈ উভতিবলৈ আগ্ৰহী নোহোৱাটো অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণৰ বাবে বৃহৎ প্রত্যাহ্বান ৰূপে থিয় দিব । বিগত চাৰি দশকৰ ভিতৰত প্ৰথমবাৰ এনে প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে । ইপিনে বিশ্বজুৰি প্ৰতি এক লাখ জনসংখ্যাৰ ভিতৰত ৬০ জন লোক কৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ভাৰতত ৭.১ লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ে এই তথ্য সদৰী কৰিছে । ইপিনে সৰ্বাধিক ভয়াবহ ৰূপত আক্ৰান্ত আমেৰিকাত এই সংখ্যা প্ৰায় ১৪ লাখ আৰু ই হ’ব প্ৰতি লাখ জনসংখ্যাৰ ভিতৰত ৪৩১ টা । একেদৰে ৰাছিয়াত এই সংখ্যা ২,৮১,৭৫২ টা আৰু ই প্ৰতি লাখ জনসংখ্যাৰ ভিতৰত প্ৰায় হ’ব ১৯৫ টা । ব্ৰিটেইনত ২,৪০,১৬৫ জন আক্ৰান্তৰ সংখ্যা পঞ্জীয়ন হৈছে আৰু দেশখনৰ প্ৰতি এক লক্ষ জনসাধাৰণৰ ভিতৰত হ’ব ৩৬১ টা ।

চীনক চেৰ পেলাই ভাৰত এতিয়া আক্ৰান্তৰ সংখ্যাৰ নিৰিখত বিশ্বৰ প্ৰাথমিকভাৱে পৰাৰ সময়তে চীনত আক্ৰান্তৰ সংখ্যা পাঁচশ অতিক্ৰম কৰি কে’বাগুণে বৃদ্ধি পাবলৈ ধৰিছিল। ২১ জানুৱাৰীৰ পৰা ভাৰতৰ বিমানকোঠাত চীনৰ পৰা উভতি অহাসকলৰ থাৰ্মেল স্ক্ৰীনিং আৰম্ভ কৰা হৈছে। সম্প্ৰতি ভাৰতৰ পৰীক্ষাৰ সংখ্যা বৃদ্ধি পোৱা বাবে আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে।

Exit mobile version