ক’মাত থাকিয়ে জন্ম দিলে সন্তান: আলীয়াৰ মৰ্মবেদনা

gt 2

মহিলাগৰাকীৰ নাম আলিয়া কেপাৰচন । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অহায়’প্ৰদেশৰ চিনচিনাটি চহৰৰ বাসিন্দা আলীয়া এটি মানৱ উন্নয়ন প্ৰতিষ্ঠানত প্ৰবন্ধক হিচাপে কৰ্মৰত । ৪০বছৰ বয়সীয়া আলীয়াৰ ৩৭বছৰ বয়সীয়া জিয়াদ ৰাজ্জাকৰে বৈবাহিক জীৱন আছিল যথেষ্ট সুখকৰ, কিন্ত সুখৰ সংসাৰখন ভাঙি পৰিবলৈ সৰহ সময় নালাগিল । খলনায়কৰ ৰূপত আবিৰ্ভাৱ হ’ল কৰ’না । যোৱা মাৰ্চত আলীয়া আক্ৰান্ত হয় কৰ’নাত । যি সময়ত স্বামী ৰাজ্জাকে আলীয়াক হাস্পতালত ভৰ্তি কৰিছিল সেই সময়ত আলীয়া আছিল ৩১ সপ্তাহৰ অন্তঃসত্ত্বা ।  তীব্ৰ জ্বৰৰ লগতে কাহত আলীয়াৰ অৱস্থা অতিকৈ কাহিল হৈ পৰিছিল । হাস্পতালত ভৰ্তি কৰাৰ পাছতে আলীয়া ক’মালৈ যায় । ক’মাত থকা অৱস্থাতে আলীয়াই জন্ম দিয়ে এটি পুত্ৰ সন্তান, কিন্ত ক্ৰমে সুস্থ অৱস্থালৈ অহা আলীয়াই এতিয়াও মনত পেলাবলৈ সক্ষম হোৱা নাই জন্মৰ পাছত সদ্যোজাত সন্তানটিয়ে কিমান উচ্চস্বৰত কান্দিছিল ।

প্ৰসৱ বেদনাৰ কথাও মনত নাই আলীয়াৰ । সন্তানৰ পৰিৱৰ্তে আলীয়াই একমাত্ৰ দুয়োৰে মাজত ছিন্ন কৰা চিহ্নটিহে দেখিবলৈ পায় । এই সম্পৰ্কত আলীয়াৰ স্বামী জিয়াদ ৰাজ্জাকে কয়, ‘আমাৰ বাবে সমগ্ৰ সময়ছোৱাই অত্যন্ত কষ্টকৰ আছিল । আমাৰ তিনি বছৰীয়া পুত্ৰ প্ৰথমে অসুস্থ হ’ল । তাৰপাছত এজন এজনকৈ আটাইকেইজন কৰ’নাত আক্রান্ত হওঁ । প্ৰথমে মই আক্রান্ত হৈছিলো । ইয়াৰ পাছতে আলীয়া । ‘যোৱা ২৪ মাৰ্চত আলীযাক স্বামী ৰাজ্জাকে স্থানীয় ট্ৰাইহেলথ গুড চামাৰিটান হাস্পতাললৈ লৈ যায় । হাস্পতালত ভৰ্তি কৰাৰ কেইঘন্টামানৰ পাছতে আলীয়াক ভেন্টিলেচনৰ সহায় প্ৰদান কৰা হয় । এই কঠিন সময়ছোৱাত চিকিৎসকে আলীয়াৰ ওপৰত ‘ক্লিনিকেল ট্ৰায়েলৰ ‘অংশ হিচাপে ‘ৰেমডেচিভিৰ ‘প্ৰয়োগ কৰিছিল ।

একেদৰে আলীয়াৰ শ্বাস-প্ৰশ্বাস যিমানদূৰ সম্ভৱ স্বাভাৱিক কৰি ৰখাৰো চেষ্টা কৰিছিল চিকিৎসকে । এই সময়ছোৱাত প্রতিদিনে পুৱা ৬বজাত হাস্পতালৰ নাৰ্ছে ৰাজ্জাকক ফোনত যোগাযোগ কৰাই দিছিল আলীয়াৰে । দুয়োৰে মাজত অৱশ্যে কোনো কথা-বাৰ্তা হোৱা নাছিল । নাৰ্ছে আলীয়াৰ কাণৰ ওচৰত মাত্ৰ ধৰি আছিল ফোনটো । কিন্ত এনে এক জটিল অৱস্থাৰ মাজতে আলীয়া আৰু ৰাজ্জাকৰ সন্তান লেইথৰ জন্ম হ’ল । পিতৃ-মাতৃ দুয়োৱে দেখা পোৱা নাছিল সন্তানক । স্পৰ্শ কৰিবলৈ পোৱাটো আছিল তাতোকৈ দুৰূহ । মাতৃ আছিল ক’মাত । কৰ’নাত আক্ৰান্ত পিতৃ আছিল ১৪ দিনৰ কোৱাৰেণ্টাইনত । লেইথ সেই সময়ত আছিল চিকিৎসকৰে তত্বাৱধানত ।সন্তান জন্ম দিয়াৰ পাছত আলীয়া লাহে লাহে সুস্থিৰ হ’বলৈ লয় । কে’বা সপ্তাহলৈ আলীয়াক কৃত্ৰিম শ্বাস-প্ৰশ্বাস দিবলগীয়া হয় । সন্তান জন্ম দিয়াৰ কথা জানিবলৈও আলীয়াক কে’বা সপ্তাহ সময় লাগিছিল ।

পাছত আলীয়াই কয়, ‘একমাত্ৰ এটি কথা মনত আছে । মই কিছু সুস্থ হোৱাৰ পাছত বাথৰূমলৈ যাওতে তলপেটত এটা ক্ষত চিহ্ন দেখিবলৈ পাইছিলো।পূৰ্বেই এই ক্ষত চিহ্নটো দেখা মনত নপৰে।ক্ষত চিহ্নটো আছিল সন্তান জন্ম দিয়াৰ সময়ৰ অস্ত্ৰোপচাৰৰ।’ পিতৃ ৰাজ্জাকে যেতিয়া প্ৰথমবাৰলৈ লেইথক দেখিবলৈ পায় সেই সময়ত পিন্ধি থাকিবলগীয়া হৈছিল মাস্ককে ধৰি সুৰক্ষা পোছাক । নিজ সন্তানক কোলাত ল’লেও সেয়েহে স্পৰ্শ সুখ অনুভৱ কৰিবলৈ সক্ষম হোৱা নাছিল । কিন্তু তথাপিও ৰাজ্জাকৰ বাবে সেই মুহূৰ্তটো আছিল অতিকৈ স্মৰণীয় । আলীয়া বৰ্তমান হাস্পতালৰ পৰা ঘৰলৈ উভতি আহিছে যদিও সম্পূৰ্ণ ভাৱে সুস্থ হৈ উঠা নাই । চলা-ফুৰা কৰিবলগীয়া হয় হুইল চেয়াৰত । অক্সিজেনো ল’বলগীয়া হয় মাজে-সময়ে । মাতৃ হিচাপে সন্তানৰ যত্ন ল’ব নোৱাৰাত আক্ষেপো প্ৰকাশ কৰে আলীয়াই ।

Exit mobile version