কৰ’না মোকাবিলাত নতুন পথ দেখুৱাব লামাই!

5eb448f7cdfd487725177a56

কৰ’না ভাইৰাছৰ ঔষধ বা প্ৰতিষেধকৰ তৈয়াৰ কৰিবলৈ উদ্বাউল হৈ চেষ্টা অব্যাহত আছে সমগ্ৰ বিশ্বত । এই অতিমাৰীৰ পৰা ৰক্ষা পাবলৈ বিশ্ববাসীয়ে এতিয়া বিজ্ঞানীসকলৰ মুখলৈকে উৎকন্ঠাৰে চাই ৰৈছে । এনে পৰিস্থিতিত এক আশ্চৰ্যকৰ তথ্য লাভ কৰিছে একাংশ গৱেষকে । এই গৱেষক বিজ্ঞানীসকলৰ ধাৰণা, পাহাৰীয়া অঞ্চলৰ নোমাল প্ৰাণী লামাৰ শৰীৰৰ পৰাই কৰ’নাৰ বিৰুদ্ধে যুদ্ধৰ অস্ত্ৰ পোৱাৰ সম্ভাৱনা আছে । এই বিশেষ প্ৰাণীবিধৰ শৰীৰত যি এন্টিবডী সৃষ্টি হয়,তাৰেই দুটা পৃথক প্ৰকাৰক একত্ৰিত কৰিছে গৱেষকসকলে । এই প্ৰক্ৰিয়াৰদ্বাৰা সৃষ্টি হৈছে এক বিশেষ প্ৰকাৰৰ এন্টিবডী, যি মানুহক কৰ’না মোকাবিলাত সাহায্য কৰিব পাৰে । এই এন্টিবডীয়ে কৰ’না ভাইৰাছৰ ভাল প্ৰ’টিনৰ স’তে একজোঁট হৈ কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধ কৰে । এই প্ৰ’টিনৰ নাম স্পাইক প্ৰ’টিন আৰু দেখিবলৈ প্ৰায় মুকুটৰ দৰে ।মানুহৰ শৰীৰত এই প্ৰ’টিনেই কৰ’না সংক্ৰমণ বৃদ্ধি কৰিব পাৰে ।

বেলজিয়ামৰ এখন বিশ্ববিদ্যালয় আৰু আমেৰিকাৰ টেক্সাছৰ এখন বিশ্ববিদ্যালয়ৰ গৱেষকৰ দল এটাই যৌথভাৱে কৰা এক গৱেষণাৰ ফল প্ৰকাশ কৰিছে । উল্লেখ্য যে কিছুদিনৰ পূৰ্বেই কৰ’নাক কেন্দ্ৰ কৰি আশংকা ব্যক্ত কৰিছিল বিশ্ব স্বাস্থ্য সংস্থাই। ‘হু’ৰ ক’ভিড -১৯ গবেষণাৰ বিশেষ দূত ডেভিড নাবাৰ’ৱে আমেৰিকাৰ এক সংবাদ মাধ্যমৰ আগত কয়, ‘এনে কিছু ভাইৰাছ আছে যিবোৰৰ বিৰুদ্ধে এতিয়াও আমি প্ৰতিষেধক আবিষ্কাৰ কৰিব পৰা নাই ।যেনে,এইছআই ভি বা ডেংগু । ক’ভিড-১৯ৰ প্ৰতিষেধক এতিয়াই ওলাব নে নাই , সেই বিষয়ত আমি নিশ্চিত নহয় । তেনে প্ৰতিষেধক নোলাবও পাৰে । তেনে কোনো প্ৰতিষেধক ওলালেও সেয়া বজাৰলৈ অহাৰ পূৰ্বে সকলোবোৰ পৰীক্ষাত উৰ্ত্তীণ হ’ব নে নাই, তাৰো কোনো নিশ্চয়তা দিয়া সম্ভৱ নহয় ।’ এনে পৰিস্থিতিত কৰ’না মোকাবিলাত লামাক লৈ কৰা নতুন গৱেষণাই পুনৰ আশাৰ সঞ্চাৰ কৰা বুলি গৱেষকসকলে মন্তব্য কৰিছে ।

Exit mobile version