কৰ’না যোদ্ধালৈ এই উপহাৰ প্ৰেৰণ কৰিলে অভিনেত্ৰী আলিয়াই

alia gift

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ছোৱাত আক্ৰান্ত লোকৰ সেৱা শুশ্ৰূষাত নিয়োজিত হৈ থকা লোকসকললৈ এক উপহাৰ প্ৰেৰণ কৰিলে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটে । অভিনেত্ৰী গৰাকীয়ে মুম্বাইৰ বিভিন্ন চিকিৎসালয় ত কৰ্মৰত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ বাবে একোটাকৈ উপহাৰৰ টোপোলা ধন্যবাদ জ্ঞাপনৰ বাবে আগবঢ়ালে । মুম্বাইৰ কে ই এম হাস্পতালৰ এজন চিকিৎসকে আলিয়াৰ পৰা লাভ কৰা এনে উপহাৰৰ কথা টুইটাৰত প্ৰকাশ কৰি উপহাৰৰ বাবে আলিয়াক ধন্যবাদ জনায় ।

ডাঃ শ্ৰীপদ গংগাপুষ্কৰে টুইটাৰত প্ৰকাশ কৰা মতে, আলিয়াৰ পৰা তেওঁ চকলেট, মিঠাবন, শীতল পানীয় আৰু অন্যান্য খাদ্যৰ এটি টোপোলা লাভ কৰিছিল। উল্লেখ্য যে, বলিউডৰ অভিনেতা-অভিনেত্ৰী সকলে কৰ’নাৰ সংকটকালত বিভিন্ন ধৰণেৰে সহায়-সহযোগিতা আগবঢ়াইছে । একাংশ অভিনেতা অভিনেত্ৰীয়ে চৰকাৰী পুঁজিলৈ ধন দান কৰাৰ বিপৰীতে আন একাংশই তলাবন্ধত সমস্যাগ্ৰস্ত লোকসকলক খাদ্য, নগদ ধন আদিৰ যোগান ধৰিছে।

Exit mobile version