চতুৰ্থ পৰ্যায়ৰ তলাবন্ধ অব্যাহতঃ চৰকাৰী বিষয়া–কৰ্মচাৰী এশ শতাংশই কাৰ্যালয়ত থাকিব লাগিব উপস্থিত

Assam Secretariat

চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ সময়ত অৰ্থাৎ বুধবাৰৰ পৰা অসমৰ চৰকাৰী বিষয়া–কৰ্মচাৰীসকলৰ এশ শতাংশই কাৰ্যালয়ত উপস্থিত থাকিব লাগিব । মুখ্য সচিব সঞ্জয় কৃষ্ণৰ অনুমোদনৰ ভিত্তিত সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে নতুন নিৰ্দেশনা । এই নিৰ্দেশনা অনুসৰি চৰকাৰী ৰাজপত্ৰিত বিষয়াই নিজ নিজ কাৰ্যালয়ত পুৱা ৯.৩০বজাৰ পৰা আবেলি পাঁচ বজালৈকে এশ শতাংশই উপস্থিত থাকিব লাগিব । ইয়াৰ উপৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক দুটা ভাগত ভাগ কৰি কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশনা |

এই অনুসৰি মহিলা কৰ্মচাৰী আৰু দিব্যাংগ কৰ্মচাৰীসকলক লৈ ৫০শতাংশ কৰ্মচাৰীয়ে পুৱা ৯.৩০বজাৰ পৰা আবেলি ৩.৩০বজালৈকে কাৰ্যালয়ত উপস্থিত থাকিব লাগিব আৰু বাকী ৫০শতাংশ কৰ্মচাৰীয়ে দিনৰ ১১.৩০ বজাৰ পৰা আবেলি ৩.৩০বজালৈকে কাৰ্যালয়ত উপস্থিত থাকিব লাগিব । উল্লেখ্য যে জনতা ভৱনতো বুধবাৰৰ পৰা এই নিয়ম প্ৰযোজ্য হৈছে | অৱশ্যে জৰুৰীকালীন সেৱাত জড়িত লোকসকলৰ বাবে এই নিয়ম প্ৰযোজ্য নহ’ব। এই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ কোন কেতিয়া আহিব সেয়া ঠিক কৰিব নিজৰ নিজৰ বিভাগে । কাৰ্যালয়ত থকা বা কাৰ্যালয়লৈ অহা প্ৰতিগৰাকী বিষয়া–কৰ্মচাৰীয়ে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে হাত ধোৱাকে সকলো আদি চৰকাৰী নীতি -নিয়ম এই সময়ছোৱাত মানি চলিব লাগিব।

Exit mobile version