তলাবন্ধৰ অনুভৱ ঃ ড° অনিমা চৌধুৰী

20934006 10209960550549793 8396688019472300946 o 1

কৰ’না ভাইৰাছৰ সংক্ৰমণক লৈ স্তব্ধ হৈ পৰিছে  সমগ্র বিশ্ব । চুবুৰীয়া ৰাষ্ট্ৰ চীনত সংহাৰ ৰূপ ধাৰণ কৰাৰ সময়তে কৰ’না ভাইৰাছৰ ভয়াবহতাৰ বিষয়ে গম পাইছিলো, কিন্তু তেতিয়া ইমান শংকিত হোৱা নাছিলো । এতিয়া যিমান হৈছো সেই সময়ত এবাৰলেও ভবা নাছিলো যে অসমতো কৰ’না ভাইৰাছৰ সংক্ৰমণ হ’ব । অথচ নভবাকৈয়ে প্ৰথমতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পাছত অসমতো ইয়াৰ সংক্ৰমণ বৃদ্ধি পালে । দিনক দিনে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ খবৰবোৰ দেখি সঁচাকৈয়ে এতিয়া ভয় খাইছো । মানুহৰ পৰা মানুহলৈ সংক্ৰমণ হোৱা এই ভাইৰাছ প্ৰতিৰোধৰ উদ্দেশ্যে তলাবন্ধ ঘোষণাৰ লগতে চৰকাৰে যেতিয়া শিশু আৰু বয়সস্হ লোকক ঘৰৰ বাহিৰলৈ নোলাবলৈ পৰামৰ্শ আগবঢ়ালে তেতিয়া আৰু বেছি ভয় খালো । লগতে জীৱনত প্রথমবাৰৰ বাবে তলাবন্ধৰ দৰে অনাহুত এক পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হোৱা বাবেও কিছু আতংকিত হৈছিলো ।

অৱশ্যে নিজৰ সুৰক্ষাৰ বাবে এই সময়ছোৱাত তলাবন্ধ অত্যন্ত জৰুৰী সেয়া বুজিব পাৰিছিলো । কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে যে সামাজিক দূৰত্ব বজাই ৰখাটো জৰুৰী সেয়া উপলব্ধি কৰিয়ে অধিক সাৱধান হ’লো । তলাবন্ধৰ প্রথম সময়ছোৱাত কিছু পৰিমাণে অসুবিধাৰ সন্মুখীন হৈছিলো । বিশেষকৈ প্ৰয়োজনীয় দৰব সংগ্রহৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল । হঠাতে তলাবন্ধ ঘোষণাৰ লগে লগে চিকিৎসালয়সমূহৰ বহিঃবিভাগ বন্ধ হৈ পৰে, য’ত আমি সচৰাচৰ স্বাস্থ্য পৰীক্ষা কৰিছিলো । বিচৰা ধৰণে সেই সময়ছোৱাত চিকিৎসক নোপোৱাৰ এক অৱস্থাৰ সৃষ্টি হোৱাৰ বাবেও কিছু ভয় খাইছিলো । কিন্তু পাছলৈ পৰিৱেশৰ স’তে অভ্যস্ত হ’বলৈ চেষ্টা কৰিছিলো আৰু বিভিন্নজনক ফোনযোগে যোগাযোগ কৰি প্ৰয়োজনীয় দৰব পাতি অনাৰ ব্যৱস্থা কৰিছিলো । ব্যক্তিগত জীৱনত কিছু অসুবিধা হ’লেও কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে তলাবন্ধ অত্যন্ত জৰুৰী। অথচ ইয়াৰ পাছতো সমাজৰ বহু লোকে এই বিষয়টোক লৈ সচেতন নোহোৱাটো বেদনাদায়ক।

নিজকে নিজে সুৰক্ষিত কৰিব পাৰিলে পৰিয়াল সুৰক্ষিত হ’ব, পৰিয়াল সুৰক্ষিত হ’লে চুবুৰীটো সুৰক্ষিত হ’ব, চুবুৰীটো সুৰক্ষিত হ’লে সমাজখন সুৰক্ষিত হ’ব আৰু সমাজখন সুৰক্ষিত থাকিলে দেশ সুৰক্ষিত হ’ব। তলাবন্ধৰ সময়ছোৱাত ঘৰুৱা কামত যথেষ্ট পৰিমাণে ব্যস্ত হ’বলগীয়া হৈছে । এই সময়ছোৱাত ঘৰুৱা সহায়কাৰীসকল নহা হেতুকে ঘৰৰ সকলো কাম নিজে কৰিবলগীয়া হৈছে । এই সময়ছোৱাত ঘৰুৱা সহায়কাৰীসকল নহা হেতুকে ঘৰৰ সকলো কাম নিজেই কৰিবলগীয়া হৈছে । অৱশ্যে ইয়াৰ মাজতো মই তলাবন্ধত গানৰ চৰ্চা কৰিছো । লগতে হেৰাই যোৱা গানবোৰ উদ্ধাৰৰো চেষ্টা চলাইছো । বিশেষকৈ এটা সময়ত বহু এলবামত গান গাইছিলো । বিভিন্ন প্ৰযোজকে প্ৰযোজনা কৰা কেছেটসমূহ মোৰ ওচৰত সংৰক্ষিত হৈ আছে, কিন্তু এই গানবোৰ উদ্ধাৰ হোৱা নাছিল । এতিয়া কেছেট প্লেয়াৰো নোহোৱা হ’ল ।

এই গানবোৰ ক’ত কেতিয়া কেনেদৰে বাণীবদ্ধ কৰিছিলো সেইবোৰৰ স্মৃতি উদ্ধাৰৰ কামতো এতিয়া যথেষ্ট সময় অতিবাহিত হৈছে । ব্যস্ততাৰ বাবে এই কামবোৰ কৰিম কৰিম বুলিও কৰিব পৰা নাছিলো, কিন্তু তলাবন্ধৰ মাজতে হেৰাই যোৱা বহু পুৰণি গীত উদ্ধাৰ কৰাৰ চেষ্টা কৰিছো । তদুপৰি এই সময়ছোৱাত ৰেকৰ্ডিং ষ্টুডিঅ’ সমূহ বন্ধ থকা বাবে ঘৰৰ পৰাই বিভিন্ন পক্ষক কিছু গান তথা কথাংশ ৰেকৰ্ডিং কৰি দিব লগা হৈছে । বিশেষকৈ প্ৰাগ নিউজত সম্প্ৰচাৰিতহৈ থকা ‘আমাৰ ভূপেনদা চিজন-৫’ ৰ আৰম্ভনিতে মই অতিথি বিচাৰক হিচাপে অংশ লৈছিলো । ‘

আমাৰ ভূপেন দা চিজন -৫’ৰ চুড়ান্ত প্ৰতিযোগিতাৰ সময়ত সম্প্ৰচাৰৰ বাবে শুভেচ্ছাবাণী ৰেকৰ্ডিং কৰি পঠিয়াবলগীয়া হৈছে । কিছুমান অনুষ্ঠানে অনলাইনযোগে কৰা সাহিত্য চৰ্চাতো অংশ লৈ নিজৰ মতামত দাঙি ধৰাৰ উপৰি গীত পৰিৱেশন কৰিছো ।দূৰদৰ্শনৰ লগতে অন্যান্য অনুষ্ঠানৰ বাবেও ঘৰৰ পৰাই বিচৰাধৰণে নিজৰ অনুভৱৰ উপৰি দুই এটা গান ৰেকৰ্ডিং কৰিবলগীয়া হৈছে। এনেকৈয়ে তলাবন্ধৰ সময়বোৰ অতিবাহিত হোৱা বাবে ভালেই লাগিছে। ব্যস্ততাৰ মাজতো কিন্তু কোনো কাৰণতে কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সাৱধানতা অৱলম্বন কৰিবলৈ এৰা নাই। অত্যন্ত সাৱধানতাৰে এই সকলোবোৰ কৰি আছো।

Exit mobile version