- দেশত ২৫ মে’ৰ পৰা আৰম্ভ হ’ব ঘৰুৱা বিমানসেৱা ৷
- আজি এই কথা টুইটাৰযোগে জনায় হৰদ্বীপ সিং পুৰীয়ে ৷
- আৰম্ভণিতে সীমিত হ’ব ঘৰুৱা বিমানৰ সংখ্যা ৷ এই কথা জনালে মন্ত্ৰী হৰদ্বীপ সিঙে ৷
- আমি প্ৰথমতে পৰিস্থিতিৰ সন্দৰ্ভত বুজ লৈহে বিমানৰ সংখ্যা বৃদ্ধি কৰিবলৈ চিন্তা কৰিম ৷ সম্প্ৰতি সকলোকে সাজু হ’বলৈ কোৱা হৈছেঃ মন্ত্ৰী হৰদ্বীপ সিং ৷
- ইফালে বিমানসমূহৰ যাত্ৰাকালত মাজৰ চীটসমূহ খালি ৰাখিব লাগিব। যাত্ৰীসকলে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব ৷
- যাত্ৰীসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ৷
- উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা ২৩ মাৰ্চৰ পৰা বাতিল হৈ আছিল ৷
- আনহাতে ঘৰুৱা বিমানসেৱা ২৫ মাৰ্চৰ পৰা বাতিল হৈ আছে ৷