নতুনকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ মূলধন নাই শ্ৰমজীৱী জনতাৰ

rantu

 

যথেষ্ট শিথিলতা অৱলম্বনেৰে দেশত আৰম্ভ হৈছে চতুৰ্থ পৰ্যায়ৰ তলাবন্ধ ৷বিগত ৫৫ টা দিনে তিনিটা পৰ্যায়ত ৰূপায়িত তলাবন্ধৰ ফলত আৰ্থিক সমস্যাৰ ভাৰাক্ৰান্ত হৈ দিকবিদিক হেৰুৱাই পেলোৱা বহুজন সম্প্ৰতি ওলাই আহিছে জীৱিকাৰ সন্ধানত ৷যোৱা চাৰি মে’ৰ পৰা বলবৎ হোৱা তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ সময়ছোৱাত কিছু পৰিমাণে শিথিলতা প্ৰদান কৰা হৈছিল যদটও কাৰ্যালয়ত কৰ্মচাৰীৰ উপস্থিতি আৰু সকলো দোকান পোহাৰ খোলাৰ অনুমতি প্ৰদান কৰা হোৱা নাছিল ।

কিন্তু চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ সময়ছোৱাত নৈশ সান্ধ্য আইন অব্যাহত থাকিব যদিও দিনৰ ভাগত সকলো দোকান পোহাৰ খোলাৰ লগতে কাৰ্যালয়ত এশ শতাংশ উপস্থিতিৰ নিৰ্দেশ দিয়া হৈছে। যাৰ ফলত দিন হাজিৰা কৰা,কাৰ্যালয়সমূহক কেন্দ্ৰ কৰি গঢ়ি উঠা দোকান পোহাৰ সমূহৰ দৈনিক উপাৰ্জনৰ বাট মুকলি কৰা ব্যৱসায়ীসকলে কিছু সকাহ অনুভৱ কৰিছে। গুৱাহাটী মহানগৰীত ভাড়াঘৰত থাকি দৈনিক উপাৰ্জনেৰে অৰ্থাৎ পদপথত ভিন্ন ব্যৱসায়ৰ জৰিয়তে পৰিয়াল পোহপাল দি অহা ক্ষুদ্ৰ ব্যৱসায়ী তথা শ্ৰমজীৱী লোকসকলে কোনোমতে প্ৰায় ৫৭ টা দিন কটোৱাৰ অন্তত জীৱন যাত্ৰা স্বাভাৱিক কৰি তুলিবলৈ সাজু হৈছে। কিন্তু পুনৰ ব্যৱসায় কৰিবলৈ নাই মূলধন ৷

ইয়াৰোপৰি বহুজনৰ জীৱিকাৰ পথ এতিয়া সলনি হৈছে ৷বিশেষকৈ মহানগৰীত হোটেল ৰেষ্টুৰেণ্টত কাম কৰা লোকসকলৰ বহু পৰিয়াল এতিয়া দিকভ্ৰান্ত ৷লগতে সকলোৱে আৱেগেৰে এনেকুৱা এটা দিন কেতিয়াও নাহক বুলি দীৰ্ঘ হুমুনিয়াহ এৰিছে ৷উল্লেখযোগ্য যে মহানগৰীত পদপথ নাইবা ক্ষুদ্ৰ ব্যৱসায়কে জীৱিকাৰ মূল পথ হিচাপে গ্ৰহণ কৰি দৈনিক উপাৰ্জনেৰে পৰিয়াল পোহপাল দিয়া বুলু,মুকুট,সুশীলা,অঞ্জু,অঞ্জলীহঁতৰ সমস্যা কেতিয়াও শেষ নহয়।

নাগৰিকত্ব সংশোধনী৷বিধেয়ক বাতিল আন্দোলনে কোঙা কৰি পেলোৱা এইসকল দৰিদ্ৰ শ্ৰমজীৱী লোক ঠন ধৰি উঠিবলৈ নৌপাওঁতেই পুনৰ কৰ’নাই তেওঁলোকৰ জীৱনলৈ নমাই আনিলে অমানিশা ৷আনহাতে এদিন উপাৰ্জন বন্ধ হ’লেই পৰিয়াল চলাবলৈ সমস্যা হোৱা এই দিন হাজিৰা,ক্ষুদ্ৰ ব্যৱসায়ী কৰা লোকসকলৰ প্ৰায় ৫৫ দিনীয়া তলাবন্ধই জীৱন নিৰ্বাহৰ অৱস্থা অতি শোচনীয় কৰি তোলে । যাৰ ফলত এওঁলোকৰ জীৱন যাত্ৰা পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ বহু সময়ৰ প্ৰয়োজন হ’ব নাইবা মানসিক ৰোগত ভুগি বহুতেই দিশহাৰা হ’ব,ই ধুৰুপ ৷

Exit mobile version