নিজৰ বিমানখনক আটকধুনীয়া গৃহলৈ ৰূপান্তৰিত কৰিলে কেমবেলে

WhatsApp Image 2020 05 20 at 5.44.25 PM

সৃষ্টিশীল প্ৰতিভাই আমাৰ সুপ্ত প্ৰতিভাসমূহ বিকশিত হোৱাত সহায় কৰে ৷ যিকোনো এজন ব্যক্তিৰ সৃষ্টিশীল প্ৰতিভাই এনেধৰণৰ কিছুমান কাম কৰিবলৈ অনুপ্ৰেৰণা যোগাই যাৰ জৰিয়তে ব্যক্তিজনে যথেষ্ট চৰ্চা লাভ কৰে ৷ ব্যতিক্ৰম নহয় ৬৪ বছৰীয়া ইলেকট্ৰিকেল ইঞ্জিনীয়াৰ ব্ৰুছ কেমবেল । তথ্য অনুসৰি, প্ৰথমতে ব্ৰুচ কেমবেলে প্ৰায় ১০ একৰ ভূমি ক্ৰয় কৰে । ইয়াৰ পিছত ব্ৰুচে ক্ৰয় কৰি আনে এখন পুৰণি বিমান ৷ আৰু ইয়াৰ পিছত সেই বিমানখন এটি আটকধুনীয়া ঘৰলৈ ৰুপান্তৰিত কৰে ব্ৰুচে ।

আনহাতে সৰুৰে পৰা ব্ৰুছ কেমবেল আছিল সৃষ্টিশীল মনৰ অধিকাৰী ৷ বিভিন্ন বস্তুক সৃষ্টিশীলতাৰে নতুন ৰূপ দি ভাল পাইছিল কেমবেলে ৷ইয়াৰ ভিতৰত কেমবেলে বাসগৃহটো নিজৰ সৃষ্টিশীলতাৰে সজাই ল’ব বিচাৰিছিল ।তেনেসময়তে মিছিছিপিৰ জ’নী আৰ্জেৰীয়াই এখন ৭২৭ বয়িং বিমানক বাসগৃহলৈ ৰূপান্তৰিত কৰাৰ তথ্য লাভ কৰি কেমবেলে সিদ্ধান্ত লয় যে তেৱো এখন বিমান ক্ৰয় কৰি নিজৰ সৃষ্টিশীলতাৰে বাসগৃহলৈ ৰূপান্তৰিত কৰিব ৷ সম্প্ৰতি ব্ৰুছ কেমবেলৰ এই বাসগৃহটো চৰ্চিত হৈছে সংবাদ মাধ্যমত ৷আৰু সৃষ্টিশীল মনৰ অধিকাৰীসকলৰ কাৰণে ব্ৰুছ কেমবেল হৈ পৰিছে অনুপ্ৰেৰণাৰ উৎস ।

Exit mobile version