শিশুৰ নতুন উপসৰ্গই বৃদ্ধি কৰিছে উদ্বেগ

original

MANILA, PHILIPPINES - FEBRUARY 03: A child is seen wearing a facemask, as public fear over China's Wuhan Coronavirus grows, at the Ninoy Aquino International Airport on February 3, 2020 in Manila, Philippines. The Philippine government has been heavily criticized after failing to immediately implement travel restrictions on China, the source of a deadly coronavirus that has now killed more than 300 people and infected thousands more. On Sunday, the first coronavirus death outside of China was reported in the Philippines. (Photo by Ezra Acayan/Getty Images)

ক’ভিড-১৯ ৰ মাধমাৰৰ মাজতে শিশুৰ শৰীৰত দেখা দিয়া এক নতুন ৰোগে সম্প্ৰতি সৃষ্টি কৰিছে ইউৰোপক । এই নতুন মূৰৰ কামোৰণিৰ কাৰণ হৈছে ‘ইনফ্লেমেটৰী ছিন্ড্ৰ’ম’। ইতিমধ্যে ২৩০ টি শিশুৰ শৰীৰত এই ৰোগ ধৰা পৰিছে । ইয়াৰে ব্ৰিটেইন আৰু ইউৰোপত দুটি শিশুৰ মৃত্যুও হৈছে । এই নতুন উপসৰ্গৰ স’তে ক’ভিড -১৯ৰ পোনপটীয়া সম্পৰ্ক আছে নে নাই, সেই বিষয়ত বিজ্ঞানীসকল এই পৰ্যন্ত নিশ্চিত হ’ব পৰা নাই । ইতিমধ্যে ‘ইনফ্লেমেটৰী ছিন্ড্ৰ’মত আক্ৰান্ত ২৩০ টি শিশুৰ ভিতৰত কিছু শিশুৰ শৰীৰত কৰ’না ধৰা পৰিছে । কিন্ত সকলো শিশুৰ শৰীৰত ক’ভিড-১৯নথকাৰ বাবেই বিজ্ঞানীসকল কিছু অনিশ্চয়তাত আছে ।

উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যেই এই নতুন ৰোগক কেন্দ্ৰ কৰি চিকিৎসকসকলক সচেতন কৰিছে । ‘হু’ৰ তৰফৰ পৰা প্ৰকাশিত শেহতীয়া গাইড লাইনত এই ছিন্ড্ৰ’ম’ৰ বিষয়ে বাখ্যা কৰা হৈছে । এই ছিন্ড্ৰ’মত আক্ৰান্ত শিশুৰ শৰীৰত তিনিদিনৰ অধিক সময় জ্বৰ থাকে । গাত ৰেশ্ব বা মুখমণ্ডল,হাত-ভৰিত প্ৰদাহৰ চিহ্নই দেখা দিয়ে । কেতিয়াবা ৰক্তচাপ হ্ৰাস বা সংকোচনৰ দৰে সমস্যাও দেখা যায়।ক’ভিড -১৯ত বয়স্ক সকল সংক্ৰমিত হোৱাৰ প্ৰৱণতা অধিক, কিন্ত এই নতুন ৰোগত শিশু সকল বেছিকৈ আক্ৰান্ত হোৱাৰ বাবেই চিন্তাও বেছি হৈছে । ‘হু’ৰ অতিমাৰী বিষয়ক বিশেষজ্ঞ মাৰিয়া ভেন কেৰক’ভাই এই সন্দৰ্ভত কয়,’আমি ইনফ্লেমেটৰী ছিন্ড্ৰ’ম সম্পৰ্কে এই পৰ্যন্ত অতি কমেইহে জানিব পাৰিছো । ফলত আশংকাও বৃদ্ধি পাইছে।’

Exit mobile version