সূৰ্যতো আৰম্ভ হৈছে তলাবন্ধ !

251051 5

কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰায় সমগ্ৰ বিশ্বতে তলাবন্ধ অব্যাহত আছে । এতিয়া প্ৰভাৱ বৃদ্ধি পাইছে সূৰ্য্যৰ কৰ’নাৰ । ফলত সূৰ্যতো ক্ৰমাৎ আৰম্ভ হৈছে তলাবন্ধৰ প্ৰক্ৰিয়া । এই দাবী কৰিছে জাৰ্মানীৰ একাংশ জ্যোৰ্তিবিজ্ঞানীয়ে । জাৰ্মানীৰ মেক্স প্লেংক ইনষ্টিটিউটৰ বিজ্ঞানীসকলৰ মতে, সূৰ্যৰ তেজস্বিতা আৰু উজ্জ্বলতা ক্ৰমশঃ কমিবলৈ আৰম্ভ কৰিছে । অৰ্থাৎ সূৰ্যও ক্ৰমাৎ তলাবন্ধ পৰ্বলৈ অগ্ৰসৰ হৈছে । ইয়াৰ ব্যাপক বিৰূপ প্ৰভাৱ পৰিব পাৰে পৃথিৱীত । অধিকাংশ স্থানতে ঠাণ্ডাৰ প্ৰভাৱ বাঢ়িব । হ’ব পাৰে ভূমিকম্প, আগ্নেয়গিৰিও । ‘দ্য ছান’ পত্ৰিকাত এই বিজ্ঞানীসকলৰ গৱেষণাৰ প্ৰতিবেদন প্ৰকাশ পাইছে । প্ৰতিবেদনত কোৱা হৈছে যে সূৰ্য সম্প্ৰতি ‘ছ’লাৰ মিনিমাম’ অৱস্থাত আছে।ইয়াৰ অৰ্থ হৈছে, সূৰ্যপৃষ্ঠত চলি থকা ক্ৰিয়াকলাপ হ্ৰাস পাইছে । এই পৰিস্থিতিত সূৰ্যৰ শৰীৰত দেখা পোৱা সৌৰকলংকৰ চিহ্নও হ্ৰাস পাইছে ।

জ্যোৰ্তিবিজ্ঞানী ড০ টনী ফিলিপছে এই সন্দৰ্ভত কয়, ‘ইতিমধ্যে ‘ছ’লাৰ মিনিমাম’ পৰ্ব আৰম্ভ হৈছে । সূৰ্যৰ শৰীৰত সৌৰকলংকৰ চিহ্নও ক্ৰমাৎ হ্ৰাস পাইছে । একে সময়তে সূৰ্যৰ চুম্বকীয় ক্ষমতাও কমিবলৈ ধৰিছে । ফলত মহাজাগতিক ৰশ্মিয়ে অতিৰিক্ত মাত্ৰাত সৌৰজগতত প্ৰৱেশ কৰিছে । ‘ড০ ফিলিপছে লগতে কয় যে অতিৰিক্ত মহাজাগতিক ৰশ্মিৰ ফলত মহাকাশচাৰী আৰু মেৰু বিমানৰ যাত্ৰীসকলৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে । ইপিনে, নাছাৰ বিজ্ঞানীসকলে আশংকা কৰিছে যে এনে ‘ছ’লাৰ মিনিমাম’ৰ প্ৰভাৱ পৰিছিল ১৭৯০ৰ পৰা ১৮৩০ৰ ভিতৰত । যাক কোৱা হয় ‘ডাল্টন মিনিমাম’।

সেই ‘ডাল্টন মিনিমাম ‘উভতি অহাৰ আশংকা কৰিছে বিজ্ঞানীসকলে । সেই ডাল্টন মিনিমামৰ প্রভাৱতে ১৮১৫ ৰ ১০ এপ্ৰিলত দ্বিতীয় সৰ্বাধিক আগ্নেয়গিৰি উদগীৰন হৈছিল । সেই আগ্নেয়গিৰিৰ কবলত পৰি ইণ্ডোনেছিয়াৰ ৭১হেজাৰ লোকে প্ৰাণ হেৰুৱাইছিল । তাৰ পৰিৱৰ্তে বছৰতে পৃথিৱীয়ে দেখিছিল ‘বিনা গ্ৰীষ্মৰ বছৰ’ । ১৮১৬ত বিশ্বৰ অধিকাংশ অংশকে ঠাণ্ডাই কাহিল কৰিছিল । আনকি সেই বছৰত জুলাইত বিভিন্ন স্থানত বৰফ পৰা পৰিলক্ষিত হৈছিল । বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে যে ‘ছ’লাৰ মিনিমাম’ৰ বাবে প্ৰবল শীত আৰু আগ্নেয়গিৰিৰ লগতে বহু অঞ্চলত খৰ হ’ব পাৰে । আনকি ভয়ংকৰ ভূমিকম্পই ব্যাপক ধ্বংসলীলাও চলাব পাৰে ।

Exit mobile version