কৰ’না ভাইৰাছত আক্ৰমণৰ ক্ষেত্ৰত ভাৰতে এতিয়াও চূড়ান্ত পৰ্যায় পাবলৈ বাকী আছে ৷ বিশেষজ্ঞসকলৰ মতে” জুনৰ শেষৰ পিনে ভাৰতত এই সংক্ৰমণে চূড়ান্ত পৰ্যায় পাব ৷জুলাইৰ তৃতীয় সপ্তাহৰ পৰা দেশত অতি লাহে লাহে সংক্ৰমণ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ।অক্টোবৰৰ প্ৰথম সপ্তাহতহে সংক্ৰমণ একেবাৰে হ্ৰাস পাই পৰিস্থিতি উন্নত হোৱাৰ আশা কৰা হৈছে ৷
কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়কে ধৰি দেশৰ তিনিখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ গৱেষকৰ সমীক্ষাত এই দাবী কৰা হৈছে ৷এপ্ৰিলৰ প্ৰথম সপ্তাহত কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পৰিষদ(ছাৰ্ব)য়ে দেশৰ বিজ্ঞানী আৰু গৱেষকসকলক ভাৰতৰ পৰিপ্ৰেক্ষিতত ক’ভিড১৯ মডেল প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। যাদৱপুৰ বিশ্ব বিদ্যালয়ৰ অধ্যাপক দুলাল বৈৰাগী এই প্ৰকল্পৰ মূল অনুসন্ধানকাৰী।
তেওঁ কয় যে কিমানদিন পৰ্যন্ত এই বিশ্ব মহামাৰী থাকিব,সংক্ৰমণৰ সংখ্যা কিমান হ’ব আৰু কিদৰে বৃদ্ধি হ’ব,কিমানৰ মৃত্যু হ’ব সমীক্ষা কৰি তেওঁলোকৰ মতামত এয়ে যে জুনৰ শেষৰ সপ্তাহত সংক্ৰমণ বৃদ্ধি হোৱাৰ আশংকা সৰ্বাধিক ৷সেই সময়ত দিনে সাতৰ পৰা চাৰে সাত হেজাৰজনমান লোক সংক্ৰমিত হ’ব পাৰে ।জুলাইত তৃতীয় সপ্তাহৰ পৰা সংক্ৰমণৰ হাৰ অতি ধীৰ গতিৰে নিম্নগতি হ’ব।
অক্টোবৰৰ প্ৰথম সপ্তাহত একেবাৰে কমি যোৱাৰ সম্ভাৱনা আছে। প্ৰতিবেদনত দাবী কৰা অনুসৰি সংক্ৰমণৰ সংখ্যা বৃদ্ধি হৈ অক্টোবৰত দেশজুৰি পাঁচ লক্ষাধিক হ’ব ৷তেওঁ কয়”এই সংক্ৰমণ চেষ্টা কৰিলেও ৰোধ কৰিব পৰা নাযাব ৷ধৰক,প্ৰব্ৰজিত শ্ৰমিকসকল আহিছে,তেওঁলোকৰ পৰা কিছু সংক্ৰমণৰ আশংকা থাকিবই ৷” এই সমীক্ষাত সংক্ৰমণৰ সময়ত গণ পৰিবহন বন্ধ ৰখাৰ আহ্বান কৰোৱা হৈছে ৷বহুদিন ধৰি যে এই যুঁজ অব্যাহত ৰাখিব লাগিব সেয়া মানুহক বুজাব লাগিব৷ ইপিনে আজি দেশজুৰি সংক্ৰমিত হোৱা লোকৰ সংখ্যা হৈছে ১,১২,৩৫৯ জন ,মৃত্যু হৈছে ৩,৪৩৫ জন৷ আনহাতে সুস্থ হৈ উঠিছে ৪৫ হাজাৰৰো অধিক ৷