কানাডাত বিক্ৰী বন্ধ হ’ল জনছন বেবী পাউদাৰৰ

Johnson Johnson Forced To Stop Selling Cancer Causing Baby Powder

বিশ্বৰ বহুকেইখন দেশত জনছন বেবী টেলকম পাউদাৰৰ বিক্ৰী বন্ধ কৰি দিয়া হৈছে । মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু কানাডাত কালিৰে পৰা বিক্ৰী বন্ধ হৈ পৰিছে এই জনপ্রিয় বেবী পাউদাৰ । কৰ’নাৰ প্ৰভাৱতে এই পাউদাৰ প্ৰস্ততকৰ্তা জনছন এণ্ড জনছন কোম্পানীয়ে এনে সিদ্ধান্ত লবলৈ বাধ্য হয় । বহুজাতিক কোম্পানীটোৰ তৰফৰ পৰা এক বিবৃতি প্ৰকাশ কৰি এই কথা জনোৱা হয় । বিবৃতিটোত কোম্পানীৰ তৰফৰ পৰা জনোৱা অনুসৰি কৰ’না মহামাৰীৰ বাবে বজাৰত চাহিদা হ্ৰাস পাইছে জনছন বেবী পাউদাৰৰ । সেয়েহে কোম্পানী বাধ্য হৈ এই পাউদাৰৰ বিক্ৰী বন্ধ কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । অৱশ্যে এই সিদ্ধান্ত পৰৱৰ্তী সময়ত পুনৰ বিবেচনা কৰাৰ সম্ভাৱনা নুই কৰা নাই ।

উল্লেখ্য যে ১৯৪৮ৰ পৰাই ভাৰতত এই পাউদাৰৰ ব্যৱসায় আৰম্ভ কৰিছিল জনছন এণ্ড জনছনে । কিন্তু বাৰম্বাৰ ইয়াৰ গুণগত মনক লৈ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈ আহিছে জগত বিখ্যাত কোম্পানীটো । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্বাস্থ্য নিয়ন্ত্ৰক সংস্থাৰ দ্বাৰা যোৱা বছৰ পুনৰ প্রশ্ন কৰা হৈছিল জনছন এণ্ড জনছনক । জনছন বেবী পাউদাৰত ‘এছবেষ্টছ’ৰ অৱস্থিতি লাভ কৰাৰ পাছত কোম্পানীটোৰ এই প্ৰশ্নৰ সন্মুখীন হৈছিল। ‘এছবেষ্টছ’ শিশুৰ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক । ইয়াৰ সংস্পৰ্শলৈ আহিলে শৰীৰত কৰ্কট ৰোগ পৰ্যন্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । অৱশ্যে জনছন বেবী পাউদাৰত লাভ কৰা এছবেষ্টছৰ পৰিমাণ আছিল অত্যন্ত কম । মাত্ৰ ০.০০০০২ শতাংশ এছবেষ্টছ পোৱা গৈছিল জনছন বেবী পাউদাৰত । কিন্তু এই ক্ষেত্ৰত কোনো সন্দেহৰ অৱকাশ ৰাখিব নিবিচাৰিলে জনছন এণ্ড জনছনে । কোম্পানীৰ সন্মানৰ কথা মনত ৰাখিয়ে সেই সময়ত বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা হৈছিল জনছন বেবী পাউদাৰবিলাক।

কোম্পানীৰ পৰা জনোৱা অনুসৰি ইয়াৰ ফলত ব্যৱসায়ত ব্যাপক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হোৱাটো প্ৰায় নিশ্চিত হৈছে । বজাৰৰ পৰা পাউদাৰ ওভতাই নিলেও পাউদাৰত এছবেষ্টছৰ অৱস্থিতি নাই বুলিয়ে দাবী কৰিছে জনছন এণ্ড জনছনে । ইতিমধ্যে পৰীক্ষা কৰা নমুনা সন্দৰ্ভতো প্রশ্ন উত্থাপন কৰিছে কোম্পানীটোৱে । জনছন বেবী পাউদাৰৰ ভাৰততো একাধিকবাৰ নমুনা পৰীক্ষা কৰা হৈছে । এনে পৰীক্ষাত ব্যৰ্থও হৈছে জনছন এণ্ড জনছন । ভাৰতত বিক্ৰী কৰা জনছন বেবী পাউদাৰতো এছবেষ্টছৰ অৱস্থিতি লাভ কৰা হৈছিল।কিন্তু কৰ’না সংক্ৰমণৰ এই সময়ছোৱাত যোৱা তিনিমাহ ধৰি আমেৰিকাত জনছন বেবী পাউদাৰত লাভৰ মুখ দেখাত ব্যৰ্থ হৈছে কোম্পানী । ফলত এখনৰ পাছত আনখন দেশত বিক্ৰী বন্ধ কৰিবলগীয়া হৈছে জনছন বেবী পাউদাৰৰ । বজাৰৰ পৰা পাউদাৰ ওভতাই নিয়াৰ ক্ষেত্ৰত কোম্পানীয়ে কৰ’না প্ৰভাৱক অজুহাত হিচাপে প্ৰদৰ্শন কৰিলেও কিন্তু এছবেষ্টছৰ অৱস্থিতি সন্দৰ্ভত মৌনতা অৱলম্বন কৰিছে।

Exit mobile version