কৰাচীৰ আকাশত ভাঙি পৰিল পাক বিমান

106548937 1590151430334gettyimages 1214576702

শতাধিক যাত্ৰী কঢ়িয়াই অনা পাকিস্তানৰ এখন আন্তৰ্জাতিক বিমান আজি লাহোৰৰ ওচৰত ভূপতিত হয় ৷  আজি  ৯১ জন যাত্ৰী আৰু আঠজন বিমানকৰ্মী কঢ়িয়াই অনা পাকিস্তান আন্তৰ্জাতিক বিমান সেৱা(পি আই এ) ৰ এয়াৰ বাছে ৩২০ বিমানখন জনবহুল অঞ্চলত ভাঙি পৰে বুলি তথ্য সদৰী হৈছে  ৷ ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভিডিঅ’ত দেখা গৈছে যে কৰাচীৰ জিন্না আন্তৰ্জাতিক বিমানকোঠৰ সমীপৰ মালিৰ অঞ্চলৰ মডেল কল’নীৰ ওচৰৰ জিন্না গাৰ্ডেন নামৰ এটি ঘনবসতিপূৰ্ণ অঞ্চলত এই বিমানখন ভাঙি পৰে ৷ দেখা গৈছে যে ঘনবসতিপূৰ্ণ অঞ্চলটোৰ মাজত বিমানৰ ধ্বংসাৱশেষ দাউ দাউকৈ জ্বলিছে ৷ আতংকিত মানুহ ঘৰৰ বাহিৰলৈ ওলাই আহিছে ৷এই ঘটনাৰ ফলত বিমানৰ ধ্বংসাৱশেষৰ লগতে অঞ্চলটোৰ কে’বাটাও ঘৰ জুইত জাহ যায় ।

সমগ্ৰ আকাশ ক’লা ধোৱাৰে ছানি ধৰে ৷ এই ঘটনাৰ ফলত অঞ্চলটোৰ ২৫ জন বাসিন্দা আহত হৈছে আৰু হাস্পতালত চিকিৎসাধীন হৈ আছে। ঘটনাটোৰ ফলত কৰাচীৰ সকলো আগশাৰীৰ হাস্পতালত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰা হৈছে ৷ পাকিস্তানৰ অসামৰিক বিমান প্ৰাধিকৰণৰ সূত্ৰত প্ৰকাশ যে বিমানখন অৱতৰণৰ প্ৰায় এক মিনিট পূৰ্বে ইয়াৰ স’তে সংযোগ বিচ্ছিন্ন হৈছিল ৷ সূত্ৰত প্ৰকাশ যে আজি দুপৰীয়া এক বজাত লাহোৰৰ পৰা কৰাচী উদ্দেশ্য বিমানখন ৰাওনা হয় আৰু বিয়লি ২-৪৫ মিনিটত কৰাচীত অৱতৰণ কৰাৰ কথা আছিল । কিন্তু অৱতৰণৰ কিছু সময়ৰ পূৰ্বে নিয়ন্ত্ৰণ কক্ষৰ স’তে বিমানখনৰ যোগাযোগ বিচ্ছিন্ন হয় ৷তাৰ কিছু সময় পাছতে শোকাৱহ ঘটনাটো সংঘটিত হয় ৷ কৰাচী বিমানকোঠ সংলগ্ন মালিৰ মডেল কল’নীৰ ওচৰৰ জিন্না গাৰ্ডেন অঞ্চলৰ ঘনবসতিপূৰ্ণ ঠাইত বিমানখন ভাঙি পৰাৰ বাতৰি আহে ৷

দুৰ্ঘটনাৰ বাতৰি লাভ কৰাৰ লগে লগে কে’বাখনো এম্বুলেন্স ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰকৰ্মী উপস্থিত হয় ৷ পাক ইন্টাৰ ছাৰ্ভিচেছ পাব্লিক ৰিলেছনৰ তৰফৰ পৰা জনোৱা মতে সেনাৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়  ৷ ২০১৬ ত এইদৰে পি আই এৰ এখন বিমান অগ্নিদগ্ধ হৈছিল ৷ আজি দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন ১০ -১২ বছৰ পূৰ্বে পি আই এৰ হাতলৈ আহিছিল চুবুৰীয়া চীনৰ পৰা ৷প্ৰাথমিক তদন্ত অনুসৰি ইঞ্জিন দুটা বিকল হোৱা বাবে এনে হয় ৷ উল্লেখযোগ্য যে পি আই এৰ এয়াৰ বাছ ৩২০ ৰ পাইলটে কৰাচীৰ জিন্না আন্তৰ্জাতিক বিমানকোঠাৰ সমীপত আহি উপস্থিত হওতে কৈছিল “মোৰ বিমানখনৰ এটা ত্ৰুটি আছে ৷”  পাইলটৰ প্ৰত্যুত্তৰত এয়াৰ ট্ৰেফিক ক’ন্ট্ৰ’ল কৈছিল, বিমানখন ঘূৰাই লোৱা আৰু নামিবলৈ চেষ্টা কৰা । কিন্তু ৰাণৱেৰ পৰা আঠশ ফুট নিলগত থকা সময়তে এইখন ভূপতিত হয় ৷

Exit mobile version