তলাবন্ধৰ অনুভৱ: তৰণী পাঠক

২০১৯ ৰ পাঁচ আগষ্টৰ দিনটোক এক ঐতিহাসিক দিনৰূপে সংযোজিত কৰিলে নৰেন্দ্ৰ মোদী চৰকাৰে । এক ঐতিহাসিক পদক্ষেপৰে এই দিনটোত মোদী চৰকাৰে জম্মু কাশ্মীৰক বিশেষ ক্ষমতা প্ৰদান কৰি অহা ভাৰতৰ সংবিধানৰ ৩৭০ আৰু ৩৫ (ক) অনুচ্ছেদ বাতিল কৰে। ইয়াৰ লগে লগে জম্মু কাশ্মীৰৰ বিধানসভা বাহাল ৰাখি ইয়াক কেন্দ্ৰীয়শাসিত অঞ্চলৰূপে ঘোষণা কৰা হৈছে । আনহাতে, লাদাখক বিধানসভা অবিহনে কেন্দ্ৰীয় শাসিত অঞ্চলৰূপে স্বীকৃতি দিয়া হৈছে। জম্মু কাশ্মীৰৰ বিশেষ ক্ষমতা তথা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ প্ৰস্তাৱ সেইদিনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত উত্থাপন কৰে। প্ৰস্তাৱটোৰ সপক্ষে ১২৫ জন সাংসদে ভোটদান কৰাৰ বিপৰীতে বিপক্ষে ৬১ জনে ভোটদান কৰে । ফলত প্ৰস্তাৱটি অনায়াসে গৃহীত হয়। প্ৰস্তাৱটো পাছত লোকসভাত উত্থাপন কৰা হয় আৰু বিধেয়কখনৰ সপক্ষে ৩৭০ টা ভোট আৰু বিপক্ষে ৭০ টা ভোট পৰে । ফলত বিধেয়কখন সহজে গৃহীত হয় । সেই সূত্ৰে ৰাষ্ট্ৰপতিলৈ স্বাক্ষৰৰ বাবে প্ৰেৰণ কৰা হয় । এই প্ৰস্তাৱত ৰাষ্ট্ৰপতি ক’বিন্দই অনুমোদন জনোৱাৰ লগে লগে এই নতুন কেন্দ্ৰীয় শাসিত অঞ্চলৰ দেশৰ সংবিধান প্ৰযোজ্য হ’ল ।

ইয়াৰ আগলৈকে জম্মু কাশ্মীৰত দেশৰ সংবিধান প্ৰযোজ্য হোৱা নাছিল । কেন্দ্ৰই উত্থাপন কৰা প্ৰস্তাৱত সন্মতি জনাই ৰাষ্ট্ৰপতিয়ে প্ৰেৰণ কৰা নিৰ্দেশত কোৱা হয় জম্মু কাশ্মীৰত দেশৰ সমগ্র সংবিধানেই প্ৰযোজ্য হৈছে । উল্লেখযোগ্য যে যোৱা নৱেম্বৰত জম্মু কাশ্মীৰ বিধানসভা ভংগ কৰি কৰি দিয়া হৈছিল। গতিকে ৩৭০ অনুচ্ছেদ প্ৰত্যহাৰৰ ক্ষেত্ৰত বিধানসভাৰ অনুমতি গ্ৰহণৰ কোনো সুযোগ নাই । এখন ৰাজ্য বিলুপ্ত হৈ তাৰ ঠাইত সৃষ্টি হ’ল দুখন কেন্দ্ৰীয় শাসিত অঞ্চল । এখনৰ নাম হ’ল জম্মু আৰু আনখনৰ নাম হ’ল কাশ্মীৰ । নতুনকৈ সৃষ্টি হোৱা কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত থাকিব লেহ আৰু কাৰ্গিল জিলা আৰু বাকী জিলা জম্মু কাশ্মীৰত থাকিব । স্বাভাৱিকতে জম্মু কাশ্মীৰৰ এনে পৰিস্থিতি আৰু বিশেষকৈ ভাৰতৰ সংবিধানৰ ৩৭০ আৰু ৩৫( ক) ৰ বিষয়ে জানিবলৈ মানুহৰ আগ্ৰহ বঢ়া পৰিলক্ষিত হৈছে। কাৰণ আগতে মানুহে কাশ্মীৰৰ বিষয়ে থুলমূলকৈহে জানিছিল ।

তদুপৰি ভাৰতৰ সংবিধানৰ ৩৭০ আৰু ৩৫ (ক) অনুচ্ছেদৰ বিশেষ জানিবলৈ বিশেষ আগ্ৰহ বাঢ়িল। সেয়েহে এনেকুৱা ক্ষণত এখন পুথি ৰচনা কৰিবলৈ মোৰ প্ৰবল আগ্ৰহ জন্মিল । কনকসেন ডেকাই কাশ্মীৰৰ বিষয়ে বুৰঞ্জীমূলক বিশ্লেষণ থকা এখন পুথি লিখি উলিয়াবলৈ মোক উপদেশ দিয়ে । তেওঁৰ উপদেশ সাৰোগত কৰিয়ে যোৱা ২০১৯ ৰ মে’ত কিতাপখন লিখা আৰম্ভ কৰি এই তলাবন্ধৰ সময়ত শেষ কৰিলো । ইতিমধ্যে কিতাপখনৰ ৪৪ টা খণ্ড ‘দৈনিক অগ্ৰদূত’ৰ দেওবৰীয়া পৰিপূৰিকা ‘শ্ৰীময়ী’ত প্ৰকাশ পাই আছে আৰু বাকী নটামান খণ্ড আগন্তুক সপ্তাহকেইটাত প্ৰকাশ পাব । তাৰ পিছত এইখন পুথি আকাৰত প্ৰকাশ পাব ম কলহনৰ ‘ৰাজতৰংগিনী’কে আদি কৰি বিভিন্ন সূত্ৰৰ পৰা কিতাপখনৰ সমল গোটোৱা হৈছে।

Exit mobile version