বিবাহৰ তৃতীয় দিনা কৰ’নাত আক্ৰান্ত হ’ল কইনা, দৰাসহ ৩২ জনক কোৱাৰেন্টাইন

bride

মধ্য প্ৰদেশৰ ৰাজধানী ভূপালৰ ৰাইছেনত এগৰাকী নৱ বিবাহিতা মহিলাৰ শৰীৰত বিবাহৰ তিনি দিন পিছত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । নৱ বিবাহিতাৰ শৰীৰত কৰ’নাৰ সংক্ৰমণ ধৰা পৰাৰ পিছত দৰাসহ মুঠ ৩২ জন লোকক কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হয় । সংক্ৰমিত মহিলাগৰাকীক এইমছত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে। মহিলাগৰাকীৰ বিবাহ যোৱা ১৮ মে’ত ছটলাপুৰ নিবাসী এজন যুৱকৰ সৈতে সম্পন্ন হৈছিল ।

বিবাহৰ পূৰ্বৰে পৰা কইনাৰ স্বাস্থ্যৰ কিছু সমস্যাই দেখা দিছিল আৰু সাতদিন ধৰি জ্বৰ হোৱাৰ পাছত যোৱা শনিবাৰে চিকিৎসকে মহিলাগৰাকীৰ কৰ’না সংক্ৰমণৰ পৰীক্ষা কৰাইছিল। ইয়াৰ মাজতে সোমবাৰে মহিলাগৰাকীৰ বিবাহ সম্পন্ন হৈছিল। বুধবাৰে নৱবিবাহিতা কৰ’নাত সংক্ৰমিত হোৱা বুলি চিকিৎসাৰ প্ৰতিবেদনত পোহৰলৈ আহে । ইয়াৰ পাছতে স্বামীসহ পৰিয়ালটোৰ মুঠ ৩২ জন লোকক প্ৰশাসনে কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰে।

Exit mobile version