বিশ্বৰ কেইখনমান দেশত কৰ’না ভাইৰাছৰ শেহতীয়া তথ্য

সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে  ৷ বিশ্বতে এই পৰ্যন্ত কৰ’নাত আক্ৰান্ত হৈছে ৫,১০৩,২৭৮ জন লোক । সুস্থ হৈছে ১,৯৪৯,৩০০ জন আৰু মৃত্যু হৈছে ৩,৩২,৯২৫ জন লোক ৷ ইয়াৰ মাজতে বিশ্বৰ বিভিন্ন দেশত কৰ’না ভাইৰাছৰ শেহতীয়া তথ্যসমূহ এনেধৰণৰ

১. ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জ’কো উইডোডোৱে ঈদৰ সময়ত ৰাষ্ট্ৰপতিভৱন নোখোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এইবাৰ কৰ’না ভাইৰাছৰ কাৰণে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ স্বাৰ্থত এই সিদ্ধান্ত লৈছে ৰাষ্ট্ৰপতি উইডোডোৱে ।

২. কৰ’না ভাইৰাছৰ ভেকচিন তৈয়াৰ কৰিবলৈ প্ৰচেষ্টা চলোৱা অক্সফৰ্ড বিশ্ববিদ্যালয়ে কয় যে অনতি পলমে মানৱ দেহত কৰ’না প্ৰতিষেধকৰ পৰীক্ষা চলোৱা হ’ব ৷ এই পৰীক্ষাত প্ৰায় ১০ হেজাৰ ২৬০ জন লোকক অন্তৰ্ভুক্ত কৰোৱা হ’ব ।

৩. আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয় পৰ্যায়ত তলাবন্ধ নহয় আমেৰিকাত ৷ কাৰণ কেতিয়াও শেষ নোহোৱা তলাবন্ধৰ পৰা সংকত বৃদ্ধি হৈছে । স্থায়ীভাৱে বা কেতিয়াও শেষ নোহোৱা তলাবন্ধৰ পৰা কেতিয়াও এখন ৰাজ্যৰ অৰ্থনীতি সবল নহয়। লগতে ট্ৰাম্পে সংবাদ মাধ্যমৰ সন্মুখতে মাস্ক পৰিধান কৰিবলৈও অস্বীকাৰ কৰে।

৪. ইফালে পুনৰ আমেৰিকাত শুক্ৰবাৰে নতুনকৈ ২৫ হাজাৰ ২৯৪ জন লোক কৰ’নাত আক্ৰান্ত হৈছে ৷মৃত্যু হয় ১২৬৩ জন লোক । দেশখনত সংক্ৰমিত হৈছে প্ৰায় ১৬ লাখ ২০ হাজাৰ লোক ।

৫. পাকিস্তানত শুক্ৰবাৰে নতুনকৈ ২ হেজাৰ ৬০৩ জন লোক কৰ’নাত আক্ৰান্ত হৈছে ৷ দেশখনত ৫০ হেজাৰতকৈ অধিক লোক আক্ৰান্ত হৈছে ৷ ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী ইমৰান খানে আন্তৰাষ্ট্ৰীয় বিমান সেৱা আৰম্ভ হ’ব বুলিও সদৰী কৰিছে ৷

৬. চিংগাপুৰত বিগত ২৪ ঘন্টাত ৬১৪ জন নতুনকৈ আক্ৰান্ত হৈছে  ৷ মুঠ আক্ৰান্তই ৩০ হেজাৰ অতিক্ৰম কৰিলে চিংগাপুৰত।

৭. আমেৰিকা,ৰুছৰ পিছত কৰ’না ভাইৰাছৰ সংক্ৰমণত তৃতীয় স্থানত আছে ব্ৰাজিল  ৷ প্ৰায় ৩ লাখ ১০ হাজাৰ ৯২১ জন লোক সংক্ৰমিত হৈছে ব্ৰাজিলত ৷

৮. উল্লেখযোগ্য যে ভাৰতত এই পৰ্যন্ত ১,১৮,৪৪৭ জন লোক আক্ৰান্ত হৈছে কৰ’না ভাইৰাছত  ৷ সুস্থ হৈছে ৪৮,৫৩৩ জন লোক আৰু মৃত্যু হৈছে ৩,৫৮৩ জন ৷ ভাৰতত কৰ’নাত মৃত্যুৰ সংখ্যাতকৈ সুস্থ হোৱাৰ সংখ্যা বৃদ্ধি হোৱাত জনসাধাৰণে সকাহ লাভ কৰিছে ।

Exit mobile version