পৰ্যটকৰ বাবে সমুদ্ৰতলিৰ পৰা শিহুৱে তুলি আনিলে প্ৰবাল

খাদ্যৰ বিনিময়ত উপহাৰ । এটি সাগৰীয় শিহু আৰু মানুহৰ মাজত এইবাৰ আৰম্ভ হৈছে বিনিময় প্ৰথা । ইয়াত মুখ্য ঘটকৰ ভূমিকা গ্ৰহণ কৰিছে শিহুটিয়ে । কৰ’না ভাইৰাছৰ সংক্ৰমণৰ আশংকাত মানৱ জাতিয়ে নিজৰ স্বাভাৱিক জীৱন হেৰুৱাই পেলোৱাৰ দৰেই পশু-পক্ষীয়েও পৰিৱৰ্তন ঘটাইছে দৈনন্দিন নীতি-নিয়মৰ । পশু -পক্ষীয়ে মানুহৰ সংগ লাভ নকৰি ওলাই আহিছে জনবসতিলৈ । অষ্ট্ৰেলিয়াৰ এই শিহুটিয়ে খাদ্য দিয়া সকলক প্ৰৱালকে আদি কৰি দিবলৈ লৈছে বিভিন্ন মূল্যবান ৰত্ন । এই ঘটনাৰ স্থান কুইন্সলেণ্ডৰ টিন কেন উপসাগৰীয় অঞ্চলৰ উপকূল।উক্ত স্থানতে আছে এখন কাফে। ‘বাৰনাকলছ কাফে এণ্ড ডলফিন ফিডিং’ নামটোৰ পৰাই বুজিব পাৰি কাফে খনত শিহুৰ বাবে খাদ্যৰ ব্যৱস্থা আছে ; কিন্তু কৰ’না সংক্ৰমণৰ বাবে সম্প্ৰতি কেফে খন বন্ধ হৈ আছে ।

স্বাভাৱিকতে মানুহৰ অনুপস্থিতিত মন বেয়া হৈ আছে শিহুবিলাকৰ । এনে অৱস্থাত মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ সমুদ্ৰ তলিৰ পৰা শিহুৱে দৈনিক লগত লৈ আহিবলৈ লৈছে বিভিন্ন উপহাৰ । ইয়াৰ দ্বাৰা পৰ্যটকসকল পুনৰ উপকূললৈ উভতি অহাটোকে আশা কৰিছে শিহুৱে । এই সন্দৰ্ভত কাফেৰ ফেচবুক পেজত কেইখনমান ছবিও পোষ্ট কৰা হৈছে । এনে ছবি বিলাকত দেখা গৈছে শিহু এটিয়ে সমুদ্ৰতলীৰ পৰা মুখত কিছু সামগ্ৰী লৈ আহিছে । যিবিলাকৰ ভিতৰত আছে প্ৰবাল, উজ্জ্বল ৰত্ন, বটল অথবা কাঠৰ টুকুৰাকে ধৰি কিছু কঠিন পদাৰ্থ । কাফেত থকা স্বেচ্ছাসেৱী লিন মেকফাৰচনে এই সন্দৰ্ভত জনোৱা অনুসৰি ২৯ বছৰ বয়সীয়া এটি শিহুৱে দৈনিক এনেদৰে সামগ্ৰী আনিবলৈ লৈছে । মিষ্টিক নামৰ এই শিহুটিক এনেধৰণৰ কোনো প্ৰশিক্ষণ দিয়া হোৱা নাই । তথাপি শিহুটিয়ে দৈনিক অতি কমেও ১০বাৰ এনেদৰে উপহাৰ লৈ উঠি আহে উপকূললৈ । উপহাৰৰ বিনিময়ত যাতে কিছু খাদ্য সামগ্ৰী লাভ কৰে শিহুটিয়ে তেনে এটি অভ্যাস কৰি লৈছে ।

Exit mobile version