‘মনালিছা’ক বিক্ৰী কৰিব ফ্ৰান্স চৰকাৰে: লক্ষ্য আৰ্থিক মন্দাৱস্থাৰ পৰা মুক্তি

1200px Mona Lisa by Leonardo da Vinci from C2RMF retouched

‘মনালিছা’ক বিক্ৰী কৰিবলৈ আগবাঢ়িছে ফৰাচী চৰকাৰ । লিঅ’নাৰ্ডো ডা ভিঞ্চিৰ অমৰ সৃষ্টি মনালিছাক বিক্ৰী কৰি কিছু হ’লেও আৰ্থিক মন্দাৱস্থা ৰ পৰা মুক্তি পাব বিচাৰিছে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন নেতৃত্বাধীন ফ্ৰান্স চৰকাৰে । কৰ’নাই সৃষ্টি কৰা মন্দাৱস্থাৰ মাজতে দিশহাৰা হৈ পৰা ফৰাচী চৰকাৰে শেহতীয়াকৈ যিকোনো উপায়ে পুনৰ পূৰ্বৰ অৱস্থালৈ উভতি যাব বিচাৰিছে ; কিন্তু ফ্ৰান্সৰ বাবে সাম্প্ৰতিক সময়ছোৱাত ইমানেই বেয়া চলিছে যে তৎকালীন ভাৱে আৰ্থিক উন্নতিৰ কোনো পথ বিচাৰি উলিয়াব পৰা নাই । ফলত জগত বিখ্যাত চিত্ৰকৰ্ম মনালিছাকে বিক্ৰী কৰাৰ সিদ্ধান্ত ল’বলগীয়া হৈছে মেক্ৰন চৰকাৰে । দেশ খনৰ স্বনামধন্য প্ৰযুক্তি প্ৰতিষ্ঠান ‘ফেবাৰন’ ভাল’ৰ প্ৰতিষ্ঠাতা ষ্টেফান ডিষ্টিহুইনে জনাইছে মনালিছা বিক্ৰীৰ কথা।

ডিষ্টিহুইনে জনোৱা অনুসৰি মনালিছা বিক্ৰী হ’লে বৃহৎ অংকৰ ধন ফ্ৰান্সৰ চৰকাৰে লাভ কৰাটো নিশ্চিত । এই ধনেৰে ৰাজকোষ টনকিয়াল নহ’লেও বৰ্তমানৰ কৰ’না পৰিস্থিতিৰ পৰা কিছু হ’লেও সকাহ লাভ কৰাটো নিশ্চিত । মনালিছা সম্প্ৰতি ফ্ৰান্সৰ বিশ্ববিখ্যাত সংগ্ৰহালয় ‘লুভৰ’ত আছে । ইফালে, ইটালীৰ জনপ্ৰিয় চিত্ৰশিল্পী চিভিচ্চিয়ে মনালিছা বিক্ৰী কৰিবলৈ লোৱা ফ্ৰান্স চৰকাৰৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে । সম্প্ৰতি ফ্ৰান্সত থাকিলেও এই চিত্ৰকৰ্ম কিন্তু ফ্ৰান্সৰ সম্পদ নহয় বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে চিভিচ্চিয়ে।সেয়েহে এইখন চিত্ৰ কৰ্মক ফ্ৰান্স চৰকাৰে বিক্ৰী কৰিবলৈ লোৱা কাৰ্যৰ বিৰোধিতা কৰাই নহয়, এনে কাৰ্য আইন অনুসৰি দণ্ডনীয় বুলিও ঘোষণা কৰিছে চিভিচ্চিয়ে । ৱ’ৰ্ল্ড পেইন্টিং ফ’ৰাম’ৰ ফালৰ পৰাও ফ্ৰান্স চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰা হৈছে । কিন্তু ৰাজকোষ খালী হৈ পৰা ফ্ৰান্স চৰকাৰৰ সন্মুখীন সম্প্ৰতি এনে বিৰোধিতাই বিশেষ প্ৰভাৱ পেলাব পৰা নাই । বৰ্তমান দুৰ্যোগৰ ফালৰ পৰা মুক্ত হোৱাটোৱে এতিয়া মেক্ৰন চৰকাৰৰ বাবে প্ৰধান লক্ষ্য হৈ পৰিছে । দুৰ্মূল‍্য প্ৰায় এই চিত্ৰকৰ্মৰ মূল্য কিমান হ’ব পাৰে তাক লৈ যথেষ্ট যুক্তিতর্ক থাকিলেও মনালিছাই যুগ যুগ ধৰি শিল্পপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে।

Exit mobile version