মালাৰ পৰিৱৰ্তে মাস্ক সলনি কৰিলে দৰা-কইনাই

f5b91993 806f 4896 9504 c8a56f1e49e9

কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা তলাবন্ধই প্ৰতিটো ক্ষেত্ৰতে প্ৰভাৱ পেলাইছে । চৰকাৰী নীতি-নিৰ্দেশনাৰ মাজেৰেই সম্পাদন কৰিবলগীয়া হৈছে উৎসৱ-পাৰ্বনৰ লগতে সামাজিক ৰীতি । আনকি বিবাহ সম্পন্নৰ ক্ষেত্ৰতো সকলোৱে মানি চলিবলগীয়া হৈছে কঠোৰ নীতি-নিয়ম । সমান্তৰালভাৱে সলনি হৈছে পৰম্পৰা । ক’ভিড-১৯ ৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে ইয়াৰ দ্বাৰা যাতে সমাজৰ আন ১০ জনৰ ক্ষতি সাধন নহয় তাৰ বাবে সকলোৱে সতৰ্কতা অৱলম্বন কৰিছে ।আনকি জীৱন সংগীৰ স’তে অগ্নিৰ সাক্ষী হোৱাৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।দৰা-কইনাই পৰস্পৰক মালা পিন্ধোৱাটো ভাৰতীয় বিবাহৰ এক পৰম্পৰা ।

পিছে তলাবন্ধৰ মাজত বিবাহ সম্পন্ন কৰিবলগীয়া হোৱা বাবে এইবাৰ দৰা-কইনাই পৰস্পৰক মালা পিন্ধোৱাৰ পৰিৱৰ্তে পিন্ধালে মাস্ক।সামাজিক দূৰত্ব বজাই ৰাখি বিবাহ কাৰ্য সম্পন্ন কৰাৰ লগতে মালাৰ পৰিৱৰ্তে মাস্ক পিন্ধোৱা দৃশ্য দেখা গ’ল ৰাজস্থানৰ যোধপুৰত।সকলোৰে দৃষ্টি আকৰ্ষণ কৰে এই বিষয়টোৱে । দৰাৰ কূৰ্তা আৰু কইনাৰ লেহেংগাৰ মাজত বান্ধোন আছিল যদিও দৰা-কইনাৰ ডিঙিত নাছিল মালা । ইয়াৰ পৰিৱৰ্তে দৰা-কইনাই মাস্ক সলনি কৰাৰ দৃশ্যই সকলোৰে চৰ্চাৰ বিষয় হৈ পৰে । সুকলমে সম্পন্ন হোৱা উক্ত বিবাহত উপস্থিত উপস্থিত সকলোৱে মাস্ক পৰিধান কৰিছিল । উপস্থিত লোকসকলৰ বাবে হেণ্ড ছেনিটাইজাৰৰো ব্যৱস্থা কৰা হৈছিল ।উল্লেখ্য যে যোৱা ১৭মে’ৰ বিয়লিৰ পৰা বলবৎ হোৱা চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ সময়ত বিবাহত সৰ্বাধিক ৫০জন লোকৰ উপস্থিতিৰ বাবে অনুমতি প্ৰদান কৰা হৈছিল।

Exit mobile version