আমেৰিকাৰ ব্যৰ্থতাৰ দলিল “নিউয়ৰ্ক টাইমছ”ত

NYT front page 05 24 20 superJumbo v2

কৰ’নাৰ তাণ্ডৱত বিধ্বস্ত হৈ পৰিছে আমেৰিকা ৷ মৃতদেহৰ পাহাৰৰ ওপৰত থিয় হৈ আছে মহাশক্তিধৰ মাৰ্কিন মুলুক ৷ মৃতকৰ সংখ্যাই ইতিমধ্যে এক লাখ স্পৰ্শ কৰিবলৈ সাজু হৈছে ৷ আজি এই মৃতসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে ৷আগশাৰীৰ কাকত নিউয়ৰ্ক টাইমছে ৷ মৃতকসকলৰ ভিতৰত এহেজাৰজনৰ নাম কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিলে কাকতখনে ৷ ইয়াৰ লগতে এশাৰীকৈ লিখিলে স্মৃতিকথা ৷ তেওঁলোকৰ এই ভূমিকাত মাৰ্কিন নাগৰিকে চেল্যুট জনাইছে ৷ আজি কাকতখনৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামাত এইদৰে লিখা হৈছে “আমেৰিকাত মৃত্যুৰ সংখ্যা এক লক্ষৰ ওচৰ হৈছে ৷ এয়া এক গণিব নোৱাৰা ক্ষতি ৷

এই তালিকাত নাম অন্তৰ্ভুক্ত হোৱা সকলৰ ভিতৰত আছে গ্ৰেমী পুৰস্কাৰ জ’ ডিফি,হাৰ্ভাৰ্ড ল’ স্কুলৰ পৰা স্নাতক ডিগ্ৰীধাৰী নিউয়ৰ্কৰ প্ৰথম কৃষ্ণাংগ মহিলা এ ফেনৱিককে ধৰি অগগন সাধাৰণ মানুহ ৷এই প্ৰসংগত কাকতখনৰ ৰাষ্ট্ৰীয় সম্পাদক মাৰ্ক লেচীয়ে কয় ” এই তালিকাত স্থান লাভ কৰিছে আমেৰিকাৰ মৃতকসকলৰ মাত্ৰ এক শতাংশই ৷ আনহাতে বিশ্বৰ ভিতৰতে সৰ্বাধিক বিধ্বস্ত হৈছে আমেৰিকা ৷ আক্ৰান্ত আৰু মৃতৰ সংখ্যাই এই পৰ্যন্ত শীৰ্ষ স্থানত আছে দেশখন৷ ইয়াত প্ৰায় ১৬ লক্ষাধিক লোক আক্ৰান্ত হৈছে ৯৯ হেজাৰ লোকৰ মৃত্যু হৈছে ৷ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ব্যৰ্থতাৰ বাবেই এনে হৈছে বুলি দেশখনৰ বাসিন্দাসকলে অভিযোগ কৰি আহিছে ৷ সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি প্ৰশাসনিক মুৰব্বী সকলোৱে একেমুখে এই অভিযোগ কৰিছে । এইবাৰ পৰোক্ষভাৱে ট্ৰাম্পক কটাক্ষ কৰিলে সংবাদ মাধ্যমে ।

Exit mobile version