কলেজ ষ্ট্ৰীটত পানীত তিতি নষ্ট হ’ল কোটি টকাৰ কিতাপ

College Street

নতুন শিক্ষাবৰ্ষৰ পূৰ্বেই ছপা কৰা হৈছিল বিভিন্ন শ্ৰেণীৰ পাঠ্যপুথি ৷কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ তলাবন্ধ আৰম্ভ হোৱাত সেই পাঠ্যপুথি শিক্ষাৰ্থীৰ হাতত পৰা নাছিল । কলকাতাৰ বিখ্যাত কলেজ ষ্ট্ৰীটৰ “বইপাৰা’ত অনেক গ্ৰন্থ বিপনী প্ৰেছ আৰু গুদামত আন অসংখ্য গ্ৰন্থৰ স’তে পাঠ্যপুথিসমূহো মজুত ৰখা হৈছিল ৷ কিন্তু আমপান মহাঘূৰ্ণীৰ তাণ্ডৱত সম্পূৰ্ণৰূপে নষ্ট হ’ল এইদৰে মজুত কৰি ৰখা অগণন গ্ৰন্থ তথা পাঠ্যপুথি ৷ ফলত কোটি কোটি টকাৰ ক্ষতিৰ সন্মুখীন হৈছে বইপাৰা ৷ কলেজ ষ্ট্ৰীটৰ গ্ৰন্থ ব্যৱসায়ীসকলে কয় যে এনেধৰণৰ ভয়ংকৰ পৰিস্থিতি তেওঁলোকে পূৰ্বতে দেখা নাছিল ।

ADVERTISEMENT

সকলো মিলাই কিমান টকাৰ কিতাপ নষ্ট হৈছে সেইয়া হিচাপ ওলোৱাটো কঠিন ৷ পাব্লিছাৰ্ছ এণ্ড বুকছেলাৰ্ছ গীল্ডৰ সম্পাদক ত্ৰিদিব চেটাৰ্জীয়ে কয় “ঘূৰ্ণী বতাহৰ সময়ত বৰষুণৰ তীব্ৰতা ইমানেই বেছি আছিল যে দোকানসমূহৰ শ্বাটাৰৰ ভিতৰদি,দুৱাৰৰ ভিতৰেদি,খিৰিকীৰ ফাকেৰে পানী ভিতৰত সোমায়। তলাবন্ধৰ প্ৰকোপত আগতেই ব্যৱসায়ত ক্ষতিগ্ৰস্ত হয় ৷ আমপানে আহি সেই ক্ষতিৰ পৰিমাণ বহুগুণে বৃদ্ধি কৰিলে । ব্যৱসায়ীসকলে সম্প্ৰতি সাহাৰ্য বিচাৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷

Exit mobile version