কৰ’না ভাইৰাছে তাণ্ডৱ আৰম্ভ কৰাৰ পাছতে বিশ্ব স্বাস্থ্য সংস্থাৰ স’তে দূৰত্ব ক্ৰমাৎ বৃদ্ধি পাইছে আমেৰিকাৰ ৷ চীনে কৰ’না ভাইৰাছ বিয়পোৱা বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অভিযোগ কৰিছিল ৷ কিন্তু এই ক্ষেত্ৰত হুৱে চীনৰ পক্ষে মাত মতাৰ পাছৰে পৰা বিশ্ব স্বাস্থ্য সংস্থাটোৰ স’তে আমেৰিকাৰ মত বিৰোধ প্ৰায় প্ৰকট হৈ পৰিছে ৷ বিভিন্ন সময়ত আমেৰিকাই হু”ৰ ওপৰত চাপ সৃষ্টি কৰি আহিছে ৷ এইবাৰ কৰ’নাৰ উৎস আৰু ইয়াৰ মোকাবিলাত হু”ৰ সঁহাৰি সন্দৰ্ভত তদন্ত দাবী কৰি চাপ সৃষ্টি কৰিলে ট্ৰাম্পে। বিভিন্ন সময়ত আমেৰিকাই হু”ক চীনৰ পক্ষ লোৱা বুলি দাবী কৰি আহিছে ৷ দুদিনৰ পূৰ্বে হুক চীনৰ হাতৰ পুতলা বুলি কটুক্তি কৰি সংস্থাটোক অনুদান দিয়াৰো হুমকি দিছিল আমেৰিকাই ৷
আনহাতে আমেৰিকাসহ ৩৪ খন সদস্য ৰাষ্ট্ৰৰ মিলিত ব’ৰ্ডৰ সন্মিলনত ট্ৰাম্প প্ৰশাসনে পুনৰ চাপ সৃষ্টি কৰে । তিনি ঘন্টীয়া সন্মিলনত আমেৰিকাৰ সহকাৰী স্বাস্থ্য সচিব ব্ৰেট পি গিৰ’য়াৰে কয়”আন সদস্য ৰাষ্ট্ৰসকলৰ স’তে আলোচনামৰ্মে আমি অতি সোনকালে হ”ক এক নিৰপেক্ষ, স্বতন্ত্ৰ আৰু সামগ্ৰিক তদন্ত কৰিবলৈ আহ্বান জনাইছো ৷ গিৰ’য়াৰে কয় এই তদন্তৰ পৰাই কৰ’নাৰ উৎস, কিদৰে এই ভাইৰাছ সমগ্ৰ বিশ্বতে বিয়পি পৰিল আৰু এই ৰোগৰ মোকাবিলাত বিশ্ব স্বাস্থ্য সন্থাই কি দৰে সঁহাৰি জনাইছিল, সেই বিষয়ত স্পষ্ট আৰু সম্পূৰ্ণ ধাৰণা পোৱা যাব ৷ ইয়াৰ প্ৰত্যুত্তৰত “হু”ৰ প্ৰধান টেড্ৰছ এডানম গেব্ৰিয়েছাছে কয় যে বিশ্বব্যাপী কৰ’না সংকট আৰম্ভ হোৱাৰ পাছৰে পৰাই সংস্থাটো দিন ৰাতি একাকাৰ কৰি সংগ্ৰাম অব্যাহত ৰাখিছে ৷ প্ৰত্যেক সদস্য ৰাষ্ট্ৰক ইয়াৰ গতিবিধি আৰু ফলাফলৰ বিষয়ে অৱগত কৰা হৈছে আৰু প্ৰযুক্তিগত পৰামৰ্শ দিয়া হৈছে বুলিও গেব্ৰিয়েছাছে কয় ।