গোৰেশ্বৰত বহিঃৰাজ্যৰ পৰা অহা যুৱকৰ দুৰৱস্থা

coronavirus quarantine centre

বহিঃৰাজ্যৰ পৰা স্ব-গৃহলৈ প্ৰত্যাৱৰ্তন কৰা যুৱকৰ দুৰৱস্থা । কভিড-১৯ ৰ দৰে মহামাৰীৰ প্ৰভাৱত গৃহৰাজ্যলৈ প্ৰত্যাৱৰ্তন কৰা এইসকল যুৱক প্ৰশাসনৰ দুৰ্বল ব্যৱস্থাপনাৰ বাবে দৌৰি ফুৰিবলগীয়া হৈছে কোৱাৰাইনটাইন চেণ্টাৰে চেণ্টাৰে । বিগত ১৮ মে’ত ইণ্ডোৰৰ পৰা চাইকেলেৰে যাত্ৰা কৰিছিল অসমৰ প্ৰায় ২০ গৰাকী কোম্পানীত কাম কৰা যুৱক। ইয়াৰ পিছত মধ্যপ্ৰদেশ বিহাৰ পশ্চিমবংগত চৰকাৰী আতিথ্যৰে বাছ ৰেল আদিৰে প্ৰেৰণ কৰাৰ পিছত যোৱা ২৫ মে’ত উপস্থিত হয় অসম বংগ সীমান্তত । অসম সীমান্ত বক্সিৰহাটৰ পৰা যুৱকৰ দলটিক গৃহজিলা বাগসালৈ প্ৰেৰণ কৰে যদিও ৮ গৰাকী গোৰেশ্বৰ নিবাসী যুৱকক প্ৰথমতে প্ৰেৰণ কৰে তামুলপুৰ কোৱাৰেনটাইন চেণ্টাৰলৈ। তামুলপুৰত পৰ্যাপ্ত ব্যৱস্থা নথকাত প্ৰেৰণ কৰা হয় নাগ্ৰীজুলিলৈ। কিন্তু কোনো লোকে চেণ্টাৰৰ প্ৰৱেশ দুৱাৰ খুলি নিদিয়াত পুনৰ উপায়ন্তৰ হয় গোৰেশ্বৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়ৰ কোৱাৰেনটাইন চেন্টাৰত নিশা ভৰ্তি কৰোৱা হয় তেওঁলোকক।

ডা° নৱ চক্ৰৱৰ্তীৰ তৎপৰতাত খোৱাৰ লগতে ৰখাৰ ব্যৱস্থা কৰা হয় যুৱককেইজনক। এই সন্দৰ্ভত গোৰেশ্বৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি শংকৰ ৰাজবংশীয়ে সমগ্ৰ ঘটনাক গৰিহনা দি প্ৰশাসনক গৰিহনা দিয়ে। ইফালে বৃহত্তৰ গোৰেশ্বৰ অঞ্চলৰ বহু সাধাৰণ ৰোগী চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰাৰ লগতে প্ৰসূতিসকলৰ কাৰণে বিপদজনক হোৱাত অন্য ঠাইলৈ স্থানান্তৰ কৰিবলৈ দাবী জনায় শংকৰ ৰাজবংশীয়ে। ইফালে সমগ্ৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ সহস্ৰাধীক যুৱক ক্ৰমান্বয়ে ঘৰলৈ উভতি আহিছে যদিও গোৰেশ্বৰ আৰু শুক্লাইত মুঠ ৩৫ খনহে বিচনাৰ ব্যৱস্থা থকা বুলি জানিব পৰা গৈছে। ৰাজ্য চৰকাৰে প্ৰতিখন জলাত কভিড-১৯ ব্যৱস্থাপনাৰ বাবে ১ কোটিকৈ টকা প্ৰদান কৰিছে যদিও গোৰেশ্বৰৰ দৰে ৰাজহ. চক্ৰত মাত্ৰ ৩৫ খন বিচনাহে থকাত আচাৰ্য প্ৰকাশ কৰিছে সচেতন মহলে। ইফালে সৰুসজাইৰ পৰা উভতাই পথোৱা কেৰেলাৰ পৰা অহা এজন যুৱক বাটে পথে দিক বিদিক হেৰুৱাই ঘূৰি ফুৰিছিল। পুলিচে মহৰিপৰাৰ পৰা ৰাইজৰ খবৰৰ ভিত্তিত ধৰি আনি গোৰেশ্বৰস্থ কোৱাৰাইনটাইন চেন্টাৰত ভৰ্তী কৰাবলগীয়া হয়। এয়াই চৰকাৰী ব্যৱস্থাৰ ফোপোলা স্বৰূপটো উদঙাই দেখুৱাইছে বুলি সচেতন মহলে অভিযোগ কৰিছে।

Exit mobile version