“জুবিন গাৰ্গ সেতু”ৰ ওপৰেৰে বৈছে ন দিহিংৰ ঢল

WhatsApp Image 2020 05 24 at 7.22.01 PM

ৰাজ্যত প্ৰথমটো বানৰ তাণ্ডৱ | প্ৰতিখন নৈ-উপনৈ ক্ৰমত ওফণ্ডি উঠিছে | বিভিন্ন অঞ্চল এই নৈ-উপনৈসমূহৰ বাহনী পানীয়ে বুৱাই পেলাইছে | ক্ৰমাৎ বাঢ়ি অহা পানীয়ে বুৱাই পেলাইছে জুবিন গাৰ্গ সেতু | উল্লেখ্য যে অসম-অৰুণাচলৰ সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ সীমান্তৰ টেঙাপানী গাঁৱক সংযোগ স্থাপন কৰি শেহতীয়াকৈ নিৰ্মাণ কৰি উলিওৱা “জুবিন গাৰ্গ সেতু”ৰ ওপৰেৰে বৈছে ন দিহিংৰ পানীৰ ঢল। যিকোনো মূহুৰ্ততে কাঠ আৰু বাহেৰে  নিৰ্মাণ  কৰা দলংখন উতুৱাই নিয়াৰ সম্ভাৱনা প্ৰকট কৰিছে ভিন্নজনে । তাকে লৈ চিন্তিত হৈ পৰিছে কঠোৰ পৰিশ্ৰমেৰে দংলখন নিৰ্মাণ কৰি উলিওৱা সীমান্তবাসী জনতা । ৰাইজৰ শ্ৰম আৰু আৰ্থিক অনুদানেৰে নিৰ্মাণ কৰা সেতুখনৰ উপৰেৰে পানীৰ ঢল বোৱাত সম্প্ৰতি সীমান্ত টেঙাপানী গাওঁৰ স’তে যাতায়ত ব্যৱস্থা বিছিন্ন হৈ পৰিছে ।

Exit mobile version