দেশত প্ৰতিদিনে অভিলেখ ঃ ২৪ ঘণ্টাত সৰ্বাধিক ৬,৬৫৪ জন আক্ৰান্ত

ভাৰতত কঠোৰ তলাবন্ধ সত্বেও কৰ’নাৰ সংক্ৰমণে মাৰাত্মক ৰূপ ধাৰণ কৰিছে । এই ক্ষেত্ৰত প্ৰতিদিনে নতুন অভিলেখৰ সৃষ্টি হৈছে । বিগত ২৪ ঘণ্টাত ভাৰতত সৰ্বাধিক ৬,৬৫৪ জন নতুনকৈ আক্ৰান্ত হয়। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে এই তথ্য সদৰী কৰে। এই পর্যন্ত মুঠ আক্ৰান্ত হৈছে ১৩১,৯২০ জন আৰু মৃত্যু হৈছে ৩৮৬৯ জনৰ। ইয়াৰ বিপৰীতে সুস্থ হৈছে ৫৪,৪৪১ জন। বিগত২৪ ঘণ্টাত ১৩৭ জন ৰোগীৰ মৃত্যু হৈছে বুলি মন্ত্ৰণালয়ে সদৰী কৰে। চৰকাৰী তথ্য অনুসৰি চাৰিদিনতে প্ৰায় ২৫ হেজাৰ লোক সংক্ৰমিত হৈছে।

দেশত তলাবন্ধ শিথিল কৰাৰ পিছতে আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে । বিশ্বৰ ভিতৰত ভাৰত হৈছে আক্ৰান্তৰ তালিকাত ত্ৰয়োদশতম দেশ। তথ্য অনুসৰি ভাৰতে ইয়াৰ পৰীক্ষণ ক্ষমতা এশগুন বৃদ্ধি কৰিছে। মার্চত প্ৰতিদিনে এহেজাৰজনৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল আৰু এতিয়া প্ৰতিদিনে ১ লাখৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। জনসংখ্যাৰ অনুপাতে পৰীক্ষণৰ ক্ষেত্ৰত ভাৰত স্পেইনৰ পাছতে আছে। প্ৰতি ১০ লাখত দুহেজাৰজন ভাৰতীয়ৰ পৰীক্ষা কৰা হৈছে।

ইপিনে, স্পেইনত প্ৰতি১০ লাখত ৬৪ হেজাৰৰ, মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু জাৰ্মানী দুয়োখন দেশতে ৩৮ হেজাৰকৈ আৰু ফ্ৰান্সত ২১ হেজাৰজনকৈ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। দেশৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত, মুঠ ৪৭,১৯০ জন। ইয়াৰ পাছতে তামিলনাডুত ১৫,৫১২, গুজৰাটত ১৩,৬৬৪ , দিল্লীত ১২,৯১০ আৰু ৰাজস্থানত ৬৭৪২ জন। মৃতকৰ সংখ্যাৰ ক্ষেত্ৰত গুজৰাটৰ স্থান মহাৰাষ্ট্ৰৰ পাছতে । গুজৰাটত মুঠ ৮২৯ জনৰ মৃত্যু হৈছে। ইপিনে, বিশ্বজুৰি আক্ৰান্তৰ সংখ্যা ৫৩,১১,০৮৯ জন । মৃত্যু হৈছে ৩,৪২,১০৪ জনৰ আৰু সুস্থ হৈ উঠিছে ২১,১২,১৯৮ জন।

Exit mobile version