মুছলপুৰত কৰ’না যুদ্ধ সমিতি গঠন

Screenshot 20200524 175501 1

বিশ্ব, দেশ, ৰাজ্য সৰ্বত্ৰে কৰ’নাৰ সন্ত্ৰাস ৷ কৰ’নাৰ আতংকত ম্ৰিয়মান সৰ্বস্তৰৰ লোক ৷ কৰ’না প্ৰতিৰোধৰ বাবে ৰাজহুৱা আহ্বান,” ঘৰতে থাকক, সুৰক্ষিত থাকক ৷ ইফালে বহি: ৰাজ্যৰ পৰা আৰম্ভ হৈছে পশ্চাদমুখী যাত্ৰা ৷ চৰকাৰীভাবে আৰম্ভ কৰা হৈছে কোৱাৰেনটাইনৰ ব্যৱস্থা ৷ ইয়াৰ মাজতে বাকসাৰ মুছলপুৰত গঠন কৰা হৈছে কৰ’না যুদ্ধ সমিতি ৷ মুছলপুৰৰ সমীপৱৰ্তী হস্তিনাপুৰত স্থানীয় ৰাইজে কৰ’না প্ৰতিৰোধৰ বাবে স্থানীয়ভাবে গঠন কৰিছে কৰ’না যুদ্ধ সমিতি ৷ আজি সমাজকৰ্মী পৃথিবিলাস ভট্টৰাইৰ পৌৰহিত্যত হস্তীনাপুৰ যুৱক সংঘত এখন সভা অনুষ্ঠিত হয় ৷ চাউলকাড়া, হস্তীনাপুৰ আৰু পূৱ নিকাছি অঞ্চলৰ নেতৃস্থানীয় ব্যক্তিয়ে সামাজিক দূৰত্ব মানি সভাত আসন গ্ৰহণ কৰে আৰু এই সভাতে দোলেন্দ্ৰ ভট্টৰাইক সচিব হিচাপে লৈ পোন্ধৰ জনীয়া কৰ’না যুদ্ধ সমিতিখন গঠন কৰা হয় ৷

পাছত সচিব দোলেন্দ্ৰ ভট্টৰাইয়ে সাংবাদিকক কয় যে বহি: ৰাজ্যৰ পৰা আহিব লগা এই অঞ্চলৰ লোকসকলক হস্তীনাপুৰ যুৱক সংঘৰ কাৰ্যালয়ত কোৱাৰেন্টাইন কৰা হ’ব ৷ অঞ্চলটোৰ প্ৰতিঘৰ লোকে এই কোৱাৰেন্টাইনত থকা লোকসকলক নিয়মীতভাবে খোৱাবস্তুৰ যোগান ধৰিব ৷ এতিয়াৰে পৰা অঞ্চলটোলৈ কোনো আলহী আহিব নোৱাৰিব ৷ আহিলেও ৰাতি থাকিব নোৱাৰিব ৷ মুল ঘৰৰ দ্ৰয়িংৰূমত কোনো আলহীক বহিবলৈ দিব নোৱাৰিব ৷ মাস্ক, চেনিটাইজাৰৰ ব্যৱহাৰ বাধ্যতামুলক ৷ মুঠতে কৰ’না প্ৰতিৰোধৰ বাবে এখন সামাজিক যুদ্ধ ৷ আনহাতে, অঞ্চলটোৰ বহুজনে এই ব্যৱস্থাক আদৰণি জনাইছে ৷

Exit mobile version