মেঘালয়ৰ পৰা নামি অহা বাঢ়নী পানীয়ে প্লাবিত কৰিছে আগিয়াৰ

39957137 2126927287523176 3328378321850335232 n

বিগত তিনিদিনৰ নেৰানেপেৰা বৰষুণৰ পিছত মেঘালয়ৰ পৰা প্ৰচণ্ড বেগেৰে নামি অহা ধল পানীৰ ফলশ্ৰুতিত আজি দুপৰীয়া পৰা আগিয়া থানা তথা কালপানী চান্দমাৰী পঞ্চায়ত অঞ্চলত প্ৰবল বানপানীৰ সৃষ্টি হোৱাত সাতখনকৈ গাঁও প্লাবিত হয় । আজি দুপৰীয়াৰে পৰা ধাৰাষাৰ পানী বাগৰি অহাত চান্দমাৰী, টিয়াপাৰা, ককিৰা, কালপানী, পাগলিঝৰা, সাতবৈইনী আৰু খাগৰাবাৰী গাঁওকেইখন সম্পূৰ্ণৰূপে প্লাৱিত হয় । ফলত গাঁৱৰ বানাক্ৰান্তই দুপৰীয়াৰে পৰা বিদ্যালয় আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত আশ্ৰয় ল’বলৈ বাধ্য হয়। লগতে বানাক্ৰান্তই পশুধনসমূহো নিৰাপদ স্থানত স্থানান্তৰ কৰে ।

ইতিমধ্যে টিয়াপাৰা, ককিৰা, কালাপানী আৰু পাগলিঝৰাৰ ২২০ টা পৰিয়ালে নিধানুৰাম ৰাজবংশী প্ৰাথমিক বিদ্যালয় আৰু কালপানী হৰি মন্দিৰত আশ্ৰয় গ্ৰহণ কৰে। আনহাতে চান্দমাৰী, সাতবইনী আৰু খাগৰাবাৰী সহস্ৰাধিক বন্যাৰ্তই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় গ্ৰহণ কৰিছে  ৷ প্ৰাপ্ত তথ্য অনুসৰি মেঘালয়ৰ বাঢ়নি পানীয়ে জিনাৰী লৈ ওফন্দাই পেলোৱাত কাল ৰূপ ধাৰণ কৰিছে ৷ আজি নিশাটোৰ ভিতৰত অঞ্চলটোৰ বহু গাঁও প্লাবিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে বানাক্ৰান্তই ।

Exit mobile version