শালিকা পোৱালিৰ বাবেই বন্ধ ৰেল ইঞ্জিন

Bird Rail

কৰ’না ভাইৰাছেই যথেষ্ঠ নাছিল। ভূতৰ ওপৰত দানহ পৰাদি এতিয়া আহিছে আমপান মহাঘূর্ণী। ফলত লাখ লাখ মানুহ ক্ষতিৰ সন্মুখীন হৈছে। ক’ভিড-১৯ ৰ ধ্বংসলীলাত সমগ্র বিশ্বই এতিয়া থৰকাচুটি হেৰুৱাইছে। চৌদিশে কেৱল আপোনজনক হেৰুওৱাৰ আৰ্তনাদ। কেৱল মৃত্যু আৰু হাহাকাৰ। প্ৰকৃতিয়ে যেন পুৰণি কোনো প্ৰতিশোধ পূৰণ কৰিছে মানৱজাতিৰ ওপৰত। অথচ ইয়াৰ মাজতো দেখা গৈছে জীৱনৰ জয়গান। ৰেলৰ ইঞ্জিনত পোৱালি জন্ম দিলে শালিকা চৰায়ে। সেই পোৱালি ডাঙৰ হৈ উৰি নোযোৱা পৰ্যন্ত ৰেল চলাচল বন্ধ ৰখাৰ সিদ্ধান্ত ল’লে ৰেল কৰ্তৃপক্ষই।

ADVERTISEMENT

এই ঘটনা বাংলাদেশৰ পাৰ্বতীপুৰ ৰেল জংছনৰ । তলাবন্ধৰ বাবে বিগত দুমাহ ধৰি ৰেল চলাচল বন্ধ হৈ আছে । মানুহৰ আহযাহ নোহোৱাৰ ফলত বিভিন্ন ষ্টেছনৰ লোকশ্বেডত থকা এটা ইঞ্জিনত বাহ সাজিলে এজোৰা শালিকাই। বাহ সজাৰ পিছত শালিকাই দুটা কণীও পাৰে। সময়ত কণী ফুটি পোৱালিও ওলাল। ইয়াৰ পৰিপ্ৰেক্ষিততে পাৰ্বতীপুৰ জংচনৰ কৰ্তৃপক্ষই সিদ্ধান্ত লৈছে যে পোৱালি দুটা ডাঙৰ নোহোৱা পৰ্যন্ত তেওঁলোকে সেই ইঞ্জিন নচলায়। কিয়নো ইঞ্জিন চলালেই পোৱালি দুটাৰ মৃত্যু হ’ব পাৰে বুলি তেওঁলোকে আশংকা কৰিছে।

উল্লেখ্য যে ৰেলৰ ইঞ্জিনটো সক্ৰিয় কৰিবলৈ গৈ ৰেলৰ চালক তথা একাংশ ৰেলকৰ্মীয়ে পোৱালি দুটা প্ৰত্যক্ষ কৰে। ৰেলকমীসকলক দেখাৰ লগে লগে শালিকা জনীয়ে পোৱালি দুটাক সাৱটি ধৰাৰ চেষ্টা কৰিছিল। সেই দৃশ্য দেখিয়ে ৰেলকৰ্মীসকলৰ মায়া ওপজে । তেতিয়াই তেওঁলোকে সিদ্ধান্ত ল’লে যে পোৱালি দুটাই উৰিব পৰা নোহোৱা পৰ্যন্ত ইঞ্জিনটো সক্ৰিয় কৰা নহ’ব। ৰেলকৰ্মীসকলৰ সেই সিদ্ধান্তত জংছন কৰ্তৃপক্ষয়ো সন্মতি প্ৰদান কৰে। পাৰ্বতীপুৰ লোকশ্বেডৰ ভাৰপ্ৰাপ্ত কাফিউল ইছলামে কয়, ‘পোৱালি দুটাৰ প্ৰতি সৃষ্টি হোৱা নিঃ স্বাৰ্থ মায়াৰ পৰাই এই সিদ্ধান্ত লোৱা হৈছে। পোৱালি দুটাৰ যাতে কোনো ক্ষতি নহয়, তাৰ প্ৰতিও ৰেলকৰ্মীসকলে দৃষ্টি ৰাখিছে। ইঞ্জিনটোক নিৰাপদে ৰখা হৈছে।’

Exit mobile version