সংক্ৰমিত ৰোগী বৃদ্ধিৰ ফলত ক’ভিড হাস্পতালত হ্ৰাস পাইছে বিছনাৰ সংখ্যা

examining coronavirus covid 19 medical samples on kits novel corona picture id1213671473

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ সংখ্যা। ইয়াৰ পৰিপ্ৰেক্ষিততে তলাবন্ধৰ ফলত বহিঃ ৰাজ্যত আবদ্ধ হৈ থকা লোকসকলক এই সময়ছোৱাত অসমলৈ উভতি অহাৰ সিদ্ধান্ত সলনি কৰিবলৈ আহ্বান জনাইছে স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ বিভিন্ন স্থানত থকা ক’ভিড হাস্পতালসমূহত বিছনাৰ সংখ্যা হ্ৰাস পোৱাৰ পিছতে এই আহ্বান জনাই স্বাস্থ্যমন্ত্রী ড° শৰ্মাই কয়, ‘বৃহৎ প্ৰত্যাহ্বানৰ মুখত থিয় হৈছে অসম। সকলোৱে ভাবি থকাৰ দৰে অসম এতিয়া সুৰক্ষিত নহয়। ইয়াৰ বাবে বহিঃ  ৰাজ্যৰ পৰা অসমলৈ আহিব বিচৰা সকলে এই সময়ছোৱাত সিদ্ধান্ত সলনি কৰক। অসমক নিৰাপদ বুলি ভবাটো ভুল হ’ব।’ বহিঃৰাজ্যত আৱদ্ধ লোকক লাহে লাহে অহাৰ বাবে আহ্বান জনাই তেওঁ পুনৰ কয় যে প্ৰয়োজন নহলে বহিঃৰাজ্যত আৱদ্ধ লোকসকলে এতিয়া অহাতকৈ কিছু পলমকৈ অহাটো নিজৰ লগতে ৰাজ্যখনৰ বাবে ভাল হ’ব। ইয়াৰ পাছতো যদি নাহিলে নহয়, তেন্তে বাছ ট্ৰাক আদিত পাণ জপা দি নাহিব। সামাজিক দূৰত্ব বজাই ৰাখি আহিব। অন্যথা ৰাজ্যখনৰ পৰিৱেশ শোচনীয় হৈ পৰিব।

নতুনকৈ কৰ’না আক্ৰান্ত হোৱা সকলে সামাজিক দূৰত্ব বজাই নৰখাৰ ফল বুলি উল্লেখ কৰি স্বাস্থ্য মন্ত্ৰীয়ে পুনৰ কয় যে ৰাজস্হানৰ কোটা, গুজৰাট আদিৰ পৰা ছাত্ৰ-ছাত্ৰী অনা হৈছে। মুম্বাইৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত লোককো অনাৰ ব্যৱস্থা কৰা হৈছে। মুম্বাইৰ অসম ভৱনত আক্ৰন্ত লোকৰ সংস্পৰ্শলৈ অহা বাবে সাত জন কৰ্কট ৰোগী কৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে কোন এজনেই হোৱা নাই । সম্পূৰ্ণ সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে এই ফলাফল পোৱা গৈছে; কিন্তু নতুনকৈ কৰ’নাত আক্ৰন্ত হোৱা সকলৰ যিসকল হোজাইৰ লোক সেইসকলে বহিঃৰাজ্যৰ পৰা এখন গাড়ীত পাণ জপা দি আহিছে। ফলত আক্ৰান্তৰ ক্ষেত্ৰত হোজাই জিলাৰ হাৰ সৰ্বাধিক হৈছে। ইয়াৰ বাবে এতিয়াৰে পৰা যিসকল ৰাজ্যৰ পৰা অসমৰ লোক আহিব সেই সমূহ ৰাজ্যই এই মুহূৰ্তত যাতায়াতৰ অনুমতি দিব নালাগে।

সীমান্তৱৰ্তী স্হানত ৰখাৰ ব্যৱস্থা কৰিলেও এই ক্ষেত্ৰত পশ্চিমবংগ চৰকাৰে অনুমতি নিদিব আৰু সীমান্ততে এটা সময়ত হেজাৰ হেজাৰ লোক হৈ যাব। এইটো কোনো কাৰণতে সমাধানৰ সূত্ৰ নহয়। অসমৰ দুৱাৰমুখত উপস্থিত হোৱা এইসকল লোকক এটা সময়ত ৰাখিব পৰাও নাযাব। একেলগে যদি সীমান্তত ১০ হেজাৰ লোক গোট খায়, তেতিয়া ১০ হেজাৰ লোকে কৰ’নাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকিব। ইয়াৰ বাবে সংশ্লিষ্ট ৰাজ্যৰ পৰাই যাতে আহিব নোৱাৰে সেই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাটো এই মুহূৰ্তত প্ৰয়োজন হৈছে। লগতে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে কভি’ড হস্পিতালত বিচনাৰ সংখ্যা হ্ৰাস পোৱাটো স্বাভাৱিক বুলি উল্লেখ কৰি তেওঁ কয় যে কৰ’নাত আক্ৰান্তসকলৰ অধিকাংশই মুম্বাই আৰু চেন্নাইৰ পৰা অহা। কাইলৈৰ পৰা দিল্লী-গুজৰাটৰ মাজত বিমান সেৱা আৰম্ভ হব।তেতিয়া দেশৰ অন্য ৰাজ্যৰ মহানগৰৰ সংক্ৰমণৰ অধিক স্পষ্ট হব। এই সময়ছোৱাত ইতিমধ্যে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত কৰণাত আক্ৰান্ত পুৰুষ ৰোগীক ৰাখিব পৰাকৈ বিচনা নাই। আজিৰ পৰা কালাপাহাৰস্থিত আই ডি এছ পি হাস্পতালত কৰ’না আক্ৰান্ত ৰোগী ৰখাৰ ব্যৱস্থা কৰা হৈছে।

সোণাপুৰ হাস্পতালত অব্যহত কাম-কাজ অহা ২৫ মে’ৰ  ভিতৰত সম্পূৰ্ণ হ’ব, কিন্তু কৰ’না  আক্ৰান্ত সংখ্যা বৃদ্ধি পালে কভিদ হাস্পতালৰ বিচনা হ্ৰাস পোৱাটো স্বাভাৱিক। অৱশ্যে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালেও ৰাস্তা ওলাব বুলি উল্লেখ কৰি ড° শৰ্মাই কয়, “সৰুসজাইৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকাসকল গুৱাহাটীৰ নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক। জিলা ভিত্তিত ভাগ কৰিলে হোজাই জিলাত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক। তৎসত্ত্বেও এই মূহূৰ্তত বেয়া চিন্তা নকৰো। কি কৰি আছো দেখি আছে আপোনালোকে। এটা নোহোৱা হলে আন এটা ৰাস্তা ওলাই আছে। এটা ৰাস্তা বন্ধ হলে আন এটা ৰাস্তা ওলাব, ৰাস্তা উলিয়াই থাকিম।’ লগতে হোটেলৰ কৰ্মচাৰী সকলক কোৱাৰেন্টাইন সন্দৰ্ভত তেওঁ কয় যে হোটেলত কোৱাৰেন্টাইনত থকাসকলৰ ওচৰলৈ হোটেলৰ কৰ্মচাৰীয়ে অহা যোৱা নকৰে। নিজ নিজ কোঠাৰ কাষতে খাদ্য সামগ্ৰী দিয়ে। বাকী সময়ত সংশ্লিষ্ট লোকসকল কোঠাৰ ভিতৰতে থাকে আৰু কৰ’নাত আক্রান্ত হ’লে কোঠাৰ পৰাই হাস্পতাললৈ নিয়া হয়। তেনেস্থলত এতিয়া হোটেলৰ কোৱাৰেন্টাইন বন্ধ কৰিব লাগিব নেকি? হোটেলৰ কোৱাৰেন্টাইন বন্ধ কৰিলে হাস্পতালো বন্ধ কৰিব লাগিব। হাস্পতালসমূহত কৰ্তব্যৰত চিকিৎসসকলেও বজাৰৰ পৰা আৰম্ভ কৰি ঘৰলৈকে অহা যোৱা কৰিছে। কেৱল ক’ভিড ৱাৰ্ডত থকা চিকিৎসক নাৰ্ছ তথা চিকিৎসাকৰ্মীৰ কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰা হৈছে।

‘হোটেল এখনৰ ভূমি মহলাত থকা প্ৰবন্ধকজন নতুবা ৰান্ধনিশালৰ ৰান্ধনী জনকো যদি কোৱাৰেন্টাইনত থব লাগে ময়ো থাকিব লাগিব আৰু হাস্পতালৰ পৰা আৰম্ভ কৰি সকলোতে বিচৰণ কৰা সাংবাদিকসকলেও কোৱাৰেন্টাইনত প্ৰথমতে যাব লাগিব। এনেকুৱা চিন্তা কৰা উৰ্বৰ মস্তিষ্কত কেনেকৈ সোমাল মই নাজানো। কিন্তু এয়া উদ্দেশ্য প্ৰণোদিত চিন্তা। মোক ভয় খুৱাই লাভ নাই । মই ভয় নাখাওঁ। এনে চিন্তা কৰিবলৈ মানুহজনৰ মগজটো বিজ্ঞানসন্মত হ’ব লাগিব। ইয়াৰ উত্তৰো বহুত ডাঙৰ বিজ্ঞানসন্মত মগজুৰ হ’ব, যিটো মই বুজি নাপাওঁ।’ তেওঁ এইদৰে কয়। হোটেলত কোৱাৰেন্টাইন বন্ধ কৰি দিলে গুৱাহাটী মহানগৰীত আৰম্ভ হ’ব কৰ’নাৰ সামাজিক সংক্ৰমণ। গতিকে হোটেলত কোৱাৰেন্টাইন প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি তেওঁ উল্লেখ কৰে। তদুপৰি মুহূৰ্তে মুহূৰ্তে এই সম্পৰ্কত নতুন নতুন চিন্তা কৰিব পৰাকৈ আইজাক নিউটন নহয় বুলি স্বাস্থ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

Exit mobile version