আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ যুঁজত ডেম’ক্ৰেটিক দলৰ অন্যতম দাবীদাৰ জ’ বাইডেনে হাৱাইত অনুষ্ঠিত হোৱা দলৰ প্ৰাথমিক নিৰ্বাচনত জয় লাভ কৰিলে ৷ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত হাৱাইত দলৰ প্ৰাথমিক নিৰ্বাচন প্ৰায় এমাহ পলমকৈ অনুষ্ঠিত হ’ল । প্ৰাৰ্থীত্ব লাভৰ প্ৰাথমিক নিৰ্বাচনত জয়লাভৰ পাছতে ডেম’ক্ৰেটিক নেতা বাইডেনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক কঠোৰভাৱে সমালোচনা কৰিলে ৷ বাইডেনে কয় যে আমেৰিকাত কৰ’না সংক্ৰমণৰ ফলত এক লাখ লোকৰ মৃত্যু হ’ল আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পে গ’ল্ফ খেলি দিন অতিবাহিত কৰিছে ৷ শনিবাৰে অনুষ্ঠিত হোৱা হাৱাইৰ প্ৰাথমিক নিৰ্বাচনত বাইডেনে ৬৩ শতাংশ আৰু প্ৰতিদ্বন্দ্বী বাৰ্ণি ছেণ্ডাৰ্ছে ৩৭ শতাংশ ভোট লাভ কৰে । এই জয়ৰ পাছত ৰাষ্ট্ৰপতিৰ আগন্তুক নিৰ্বাচনত বাইডেনে ডেম’ক্ৰেটিক দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা বৃদ্ধি পালে ৷
আমেৰিকাত এক লাখ কৰ’নাত মৃত্যু, ট্ৰাম্প ব্যস্ত গ’ল্ফ খেলত
-
By publisher

- Categories: COVID-19
- Tags: CORONAVIRUSDONALD TRUMPJoe Biden
Related Content
মোডীৰ স'তে সাক্ষাৎ কৰাৰ পূৰ্বে কৰিব লাগিব RT-PCR, নির্দেশ মন্ত্রীসকলক
By
publisher
June 11, 2025
ভাৰতত বৃদ্ধি পাইছে ক'ভিড সংক্ৰমণ , সক্ৰিয় ৰোগী ৬৪৯১, উদ্বেগ বাঢ়িছে কেৰালা আৰু গুজৰাটত
By
publisher
June 10, 2025
Covid India latest Update:দেশত বাঢ়িছে কৰ'নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত
By
publisher
June 6, 2025
UK Company AstraZeneca Will Withdraw its COVID-19 Vaccine:বিশ্বজুৰি কভিশ্বিল্ডৰ পার্শ্বক্ৰিয়া !
By
publisher
May 8, 2024
'Disease X' Looms As A Potential Global Threat:কৰ'নাতকৈ সাত গুণ বেছি প্রাণঘাতী ‘ডিজিজ এক্স'!
By
publisher
September 27, 2023
Covid Update : এমাহত বিশ্বত ক'ৰনাত মৃত্যু ১৪ হেজাৰ ! দেশত নিম্নমুখী সংক্ৰমণ
By
publisher
April 28, 2023