আমেৰিকাত এক লাখ কৰ’নাত মৃত্যু, ট্ৰাম্প ব্যস্ত গ’ল্ফ খেলত

CommanderinCheat HC 1584820902

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ যুঁজত ডেম’ক্ৰেটিক দলৰ অন্যতম দাবীদাৰ জ’ বাইডেনে হাৱাইত অনুষ্ঠিত হোৱা দলৰ প্ৰাথমিক নিৰ্বাচনত জয় লাভ কৰিলে ৷ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত হাৱাইত দলৰ প্ৰাথমিক নিৰ্বাচন প্ৰায় এমাহ পলমকৈ অনুষ্ঠিত হ’ল । প্ৰাৰ্থীত্ব লাভৰ প্ৰাথমিক নিৰ্বাচনত জয়লাভৰ পাছতে ডেম’ক্ৰেটিক নেতা বাইডেনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক কঠোৰভাৱে সমালোচনা কৰিলে ৷ বাইডেনে কয় যে আমেৰিকাত কৰ’না সংক্ৰমণৰ ফলত এক লাখ লোকৰ মৃত্যু হ’ল আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পে গ’ল্ফ খেলি দিন অতিবাহিত কৰিছে ৷ শনিবাৰে অনুষ্ঠিত হোৱা হাৱাইৰ প্ৰাথমিক নিৰ্বাচনত বাইডেনে ৬৩ শতাংশ আৰু প্ৰতিদ্বন্দ্বী বাৰ্ণি ছেণ্ডাৰ্ছে ৩৭ শতাংশ ভোট লাভ কৰে । এই জয়ৰ পাছত ৰাষ্ট্ৰপতিৰ আগন্তুক নিৰ্বাচনত বাইডেনে ডেম’ক্ৰেটিক দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা বৃদ্ধি পালে  ৷

Exit mobile version