কটনকে ধৰি তিনি শিক্ষানুষ্ঠানৰ ছাত্ৰাৱাস ছাত্ৰীনিৱাস অধিগ্ৰহণ

73056376

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কটন বিশ্ববিদ্যালয়কে ধৰি মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰাবাস তথা ছাত্ৰী নিবাসসমূহ অধিগ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷ বহিঃৰাজ্যৰ পৰা লোকসকলক বাধ্যতামূলক কোৱাৰেন্টাইনত ৰখাৰ স্বাৰ্থতে জিলা প্ৰশাসনে আজি এক জৰুৰী নিৰ্দেশনা যোগে কটন বিশ্ববিদ্যালয়, প্ৰাগজ্যোতিষ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু ছেইন্ট ফ্ৰান্সিছ দ্য আছিছি হাইস্কুলৰ ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসসমূহ অধিগ্ৰহণ কৰে ৷ জিলা প্ৰশাসনৰ এক সূত্ৰই জনোৱা মতে আন্তঃৰাজ্যিক যাতায়ত ব্যৱস্থা আৰম্ভ হোৱাৰ পাছৰে পৰা বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকসকল ইতিমধ্যে গৃহ ৰাজ্যলৈ উভতি আহিছে । অনাগত সময়ছোৱাত এই লোকসকলৰ সংখ্যা বৃদ্ধি হ’ব পাৰে। বহিঃৰাজ্যৰ পৰা অহা প্ৰতিজন লোক কোৱাৰেন্টাইনত থকাটো অতি বাধ্যতামূলক ।

কিন্তু পৰিস্থিতিগত কাৰণত বিভিন্ন স্থানৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকা আসনৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাইছে ৷ ২০২০ ৰ দ্য আছাম ক’ভিড১৯ বিধিৰ এক আৰু ২০০৫ ৰ দুৰ্যোগ ব্যৱস্থাপনা আইনৰ ৬৫/(১)/৬৬ ধাৰাৰ অধীনত সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰাৱাস তথা ছাত্ৰী নিৱাসসমূহ অধিগ্ৰহণ কৰা হৈছে ৷এই পৰিপেক্ষিতত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে ডি ডি এম এ কে(এম) /৩/২০২০ নম্বৰৰযোগে জাৰি কৰা নিৰ্দেশনাৰ প্ৰতিলিপি কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক,প্ৰাগজ্যোতিষ চিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু ছেইন্ট এফ ডি এ হাইস্কুলৰ অধ্যক্ষৰ লগতে সকলো সংশ্লিষ্ট পক্ষলৈ প্ৰেৰণ কৰা বুলি জনায় ৷কামৰূপৰ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা এই নিৰ্দেশনাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলক নিৱাসসমূহ খালী কৰাবলৈ নিৰ্দেশ দিয়ে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷

দৈনিক অগ্ৰদূতৰ আগত আজি এই কথা সদৰী কৰি কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক দিগন্ত দাসে কয় যে ছাত্ৰাৱাস আৰু ছাত্ৰীনিৱাস অধিগ্ৰহণ কৰা সম্পৰ্কীয় নিৰ্দেশনা লাভ কৰাৰ পাছতে ছাত্ৰ ছাত্ৰীসকলক কাইলৈৰ ভিতৰত ছাত্ৰাৱাস আৰু ছাত্ৰী নিৱাসসমূহ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে। বৰ্তমানে ছাত্ৰাৱাস তথা ছাত্ৰী নিৱাসত ছাত্ৰ ছাত্ৰীসকল নাই ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যৰো যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে । ইয়াৰ বাবে জিলা প্ৰশাসনৰ পৰা কিছু সময় বিচৰা হৈছে ৷ আৰু ছাত্ৰী ছাত্ৰীসকলৰ বয়বস্তু নিয়াৰ ক্ষেত্ৰত স্থানীয় অভিভাৱকৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায় । ইপিনে ছাত্ৰৱাস তথা ছাত্ৰী নিৱাসসমূহ খালী কৰাৰ বাবে ন্যূনতম তিনিদিন সময় বিচাৰিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ৷ মাত্ৰ ২৪ ঘন্টাৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পন্ন কৰিব পৰাকৈ ৰাজ্যৰ পৰিৱেশ স্বাভাৱিক হৈ নথকা বাবে ছাত্ৰ ছাত্ৰীসকলে তিনিদিনৰ সময় বিচৰা বুলি কয় কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সম্পাদকদ্বয় ক্ৰমে প্ৰাঞ্জল কলিতা আৰু জিন্টু ঠাকুৰীয়াই ৷

Exit mobile version