তলাবন্ধ শিথিলৰ পাছতো ৰাজ্যত ব্যৱসায় হ্ৰাস পাইছে ১০ শতাংশলৈ

salil lockdown 1 1

বজাৰৰ ওপৰত নিৰ্ভৰ কৰে দেশৰ অৰ্থনীতি ৷ সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছ বিৰোধী যুঁজখন আগুৱাই নিয়াৰ লগতে আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ লক্ষ্যৰে যোৱা ১৮ মে’ৰ পৰা দেশত নতুন ৰূপত অব্যাহত আছে চতুৰ্থ পৰ্যায়ৰ তলাবন্ধ ৷ এই সময়ছোৱাত দোকান পোহাৰ খোলাৰ অনুমতি দিয়াৰ লগতে নিৰ্মাণ খণ্ডকে ধৰি আন আন খণ্ডবোৰত কাম কাজ চলাই নিয়াৰ বাবে অনুমতি প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে ৷ এনে পৰিপ্ৰেক্ষিতত দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো আৰম্ভ হৈছে ব্যৱসায় বাণিজ্য তথা বিভিন্ন খণ্ডৰ কাম কাজ ৷ কিন্তু বৰ্তমানেও স্বাভাৱিক হোৱা নাই ৰাজ্যৰ পৰিবেশ ৷ফলত ব্যাপক অৰ্থনৈতিক মন্দাৱস্থাৰ সৃষ্টি হৈছে ৰাজ্যত ।বিশেষকৈ ভয়াৱহ কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ভয় শংকাৰ লগতে ব্যাপক অৰ্থনৈতিক সংকটৰ বাবে ব্যৱসায়ত মন্দাৱস্থাৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰে সদৌ গুৱাহাটী ব্যৱসায়ী সন্থাৰ সভাপতি তথা মহানগৰীৰ ফাঁচী বজাৰৰ বস্ত্ৰ ব্যৱসায়ী ৰাম নিৰঞ্জন জাজোডিয়াই ।

দৈনিক অগ্ৰদূতৰ আগত এই কথা প্ৰকাশ কৰি জাজোডিয়াই কয় যে কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত যোৱা ২৪ মাৰ্চৰ পৰা তলাবন্ধ অব্যাহত আছে ৷ দ্বিতীয় পৰ্যায়ৰ তলাবন্ধলৈকে এবাৰো দোকান খোলা নাই। তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ নতুন নিয়ম অনুসৰি দোকান খোলাৰ যো জা চলোৱাৰ সময়তে ফাঁচী বজাৰৰ এছ এছ ৰোডত কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোক চিনাক্ত কৰা হয় ।ইয়াৰ ফলত প্ৰায় ৪৫০ খন ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰে ।সম্প্ৰতি ঈদৰ সময়ত ফাঁচী বজাৰত গ্ৰাহকৰ সংখ্যা বহুত কম ।স্বাভাৱিক সময়ৰ তুলনাত বৰ্তমানে ১০ শতাংশ গ্ৰাহকো নাই । কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য কৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখি সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰা হৈছে ৷

ইফালে কেৱল বস্ত্ৰ ব্যৱসায়হৰ ক্ষেত্ৰতে নহয় নিৰ্মাণ খণ্ডতো পৰিছে কৰ’নাৰ প্ৰভাৱ ৷তলাবন্ধৰ পিছৰে পৰা নিৰ্মাণ খণ্ডত ব্যৱহৃত সামগ্ৰীৰ বিক্ৰীৰ হাৰ ব্যাপকভাৱে হ্ৰাস পাইছে ।মহানগৰীৰ গুপ্তা হাৰ্ডৱেৰ প্ৰাইভেট লিমিটেডৰ অন্যতম সঞ্চালক ৰাকেশ গুপ্তাই কয় যে প্ৰশাসনৰ অনুমতি সাপেক্ষে ব্যৱসায়িক প্ৰতিষ্ঠান খোলা ৰখা হৈছে,কিন্তু এই সময়ছোৱাত বিক্ৰী একেবাৰে নগণ্য ৷নিৰ্মাণ খণ্ডত ব্যৱহৃত সা সামগ্ৰীৰ বিক্ৰী ৩০-৩৫ শতাংশলৈ হ্ৰাস পাইছে ৷ তেওঁ লগতে কয় যে তলাবন্ধৰ বাবে মানুহৰ জেপ খালী হৈছে ৷এই সময়ছোৱাত পাবলগীয়া বিল আদায় পোৱা নাই ৷ লগতে শ্ৰমিকৰো অভাৱ হৈছে ৷ ফলত নিৰ্দিষ্ট পৰিসৰতহে নিৰ্মাণ খণ্ডৰ কাম কাজ আগবাঢ়িছে  ৷ অৱশ্যে ঈদৰ পিছত ৰাজ্যৰ নিৰ্মাণ খণ্ডৰ কাম কাজে কিছু অগ্ৰগতি লাভৰ সম্ভাৱনা আছে বুলি তেওঁ কয় ৷

Exit mobile version