যোৱা এসপ্তাহ ধৰি তেজপুৰৰ বিহিয়াগাঁৱত জীয়াভৰলী খহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ ইয়াৰ বিপৰীতে জলসম্পদ বিভাগৰ কোনো তৎপৰতা নাই এই খহনীয়া প্ৰতিৰোধৰ বাবে ৷ ইতিমধ্যে সম্পূৰ্ণ ৰূপে জাহ গৈছে এটা জিঅ’ বেগৰ বান্ধ, পথ আদি ৷ যিকোনো মূহুৰ্তত জীয়াভৰলীৰ সংযোগ ঘটিব মৰাভৰলীৰ স’তে ৷ উপায়হীন স্হানীয় ৰাইজে নিজাববীয়াকৈ বাঁহেৰে খহনীয়া প্ৰতিৰোধৰ বাবে চলোৱা চেষ্টা বিফল হোৱাৰ পাছত বৰ্তমান মৰাভৰলীৰ সৈতে যিকোনো মূহুৰ্তত জীয়া ভৰলীৰ সংযোগ ঘটাৰ আশংকা বৃদ্ধি পাইছে ৷ ইতিমধ্যে জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জলসম্পদ বিভাগক তাৎক্ষণিক ভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে যদিও যোৱা দুদিন ধৰি মন্ত্ৰীৰ নিৰ্দেশ কাৰ্যকৰি হোৱা নাই৷ উল্লেখযোগ্য যে ২০১৮ৰ পৰাই ২০১৯-২০ পৰ্যন্ত অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ বাবে দুখনকৈ খহনীয়া প্ৰতিৰোধী আঁচনি দাখিল কৰা হৈছে যদিও অনুমোদন লাভ কৰা নাই৷
তেজপুৰৰ বিহিয়াগাঁৱত জীয়াভৰলীৰ ভয়াবহ ৰূপ ধাৰণ
-
By publisher

ADVERTISEMENT
Related Content
Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী
By
publisher
May 13, 2025
Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
By
publisher
May 13, 2025
Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !
By
publisher
May 13, 2025