প্ৰৱাসীসকলক সহায় কৰি প্ৰশংসিত বলীউডৰ অভিনেতা চনু সুড

73fb01e5057ef7a5f592f35f080fe435

মুম্বাইত কৰ্মৰত তথা তলাবন্ধৰ সময়ত আৱদ্ধ হৈ পৰা লোকসকলক নিজ ৰাজ্যত উপস্থিত হোৱাত সহায় কৰা বলীউডৰ অভিনেতা চনু সুড এইকেইদিন চৰ্চাত আছে । চনুৱে এদিনত প্ৰায় এক হাজাৰ লোকক নিজৰ গৃহত উপস্থিত হোৱাত সহায় কৰিছে । অভিনেতা চনুৱে এক সাক্ষাৎকাৰত আৱদ্ধ হৈ পৰা লোকসকলক নিজ গৃহ উপস্থিত কৰোৱা সন্দৰ্ভত কয় যে, “১৫ মে’ৰ আশে পাশে মই আৱদ্ধ প্ৰবাসী লোকসকলক ফল মূল আৰু আন কিছুমান সাহাৰ্য দিছিলো । সেইসময়ত তেওঁলোকে মোক খোজ কাঢ়ি কৰ্ণাটক আৰু বিহাৰলৈ যোৱাৰ কথা কয় ৷ সেই কথা শুনি মোৰ উশাহ বন্ধ হৈ গৈছিল ৷ কাৰণ বয়োজ্যেষ্ঠ লোক, শিশু এইসকলোবোৰ কিদৰে খোজ কাঢ়ি যাত্ৰা কৰিব । ইয়াৰ পিছত মই তেওঁলোকক ক’লো যে অন্তত দুদিন ৰওঁক আপোনালোক ৷ মই যোৱাৰ ব্যৱস্থা কৰোঁ। যদি অপেক্ষা কৰিব নোৱাৰে তেনেহ’লে নিশ্চয় যাব পাৰে ৷” আৰু এনেদৰেই বলীউডৰ প্ৰায় সমূহ ছবিত ভিলেইনৰ চৰিত্ৰত অভিনয় কৰা চনু সুডে প্ৰবাসীসকলক নিজ গৃহত উপস্থিত কৰোৱাৰ ব্যৱস্থা আৰম্ভ কৰিলে ৷

ইফালে, দুদিনতে চনুৱে কৰ্ণাটক, বিহাৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ তথা প্ৰশাসনৰ অনুমতি লৈ প্ৰথমবাৰতে ৩৫০ জন লোকক উত্তৰ প্ৰদেশলৈ পঠায় ৷ এই প্ৰসংগত চনুৱে কয় “মই কাম কৰি গ’লো আৰু সংখ্যা বাঢ়ি গ’ল ৷ প্ৰথমতে ইয়াৰ কাৰণে মই ১০ ঘন্টা কাম কৰিছিলো যদিও এতিয়া ২০ ঘন্টা কাম কৰিছো ৷ পুৱা ৬ টা বজাৰ পৰা ফোন বাজে ৷ মোৰ সম্পূৰ্ণ কৰ্মচাৰীৰ লগতে সহকৰ্মী নীতি গোয়েলেও মোক সহায় কৰিছে ৷ চেষ্টা কৰিছো যাতে কোনো বাকী ৰৈ নাযায় ৷” চনুৱে নিজৰ টুইটাৰত প্ৰকাশ কৰিছে যে দৈনিক ১০০০ ৰ পৰা ১২০০ লোক উত্তৰপ্ৰদেশ,বিহাৰ,তেলেংগনা আৰু কৰ্নাটকত উপস্থিত হৈছে ৷

উল্লেখযোগ্য যে চনুৱে এই লোকসকলক কিয় সহায় কৰিলে এই প্ৰশ্নৰ উত্তৰত অভিনেতাজনে কয় “যেতিয়া এই লোকসকলৰ শিশুসকলে পিতৃ বা ঘৰৰ কোনো বা বৃদ্ধৰ লগত খোজকাঢ়ি যাত্ৰা কৰিব ৷ তেতিয়া ক’ৰবাত আৰক্ষীৰ প্ৰহাৰ বা বৃদ্ধ লোকসকলৰ মৃত্যু হ’ব পাৰে । গতিকে সেইসময়ত সেই শিশুসকলৰ মনত ক্ৰিয়া কৰিব যে মোৰ দেউতাক পুলিচে প্ৰহাৰ কৰিছে বা মোৰ ককা আইতা অথবা পৰিয়ালৰ কোনো লোকৰ এই যাত্ৰাত মৃত্যু হৈছে ৷ এই সকলোবোৰ স্মৃতি সেই শিশুবোৰে সমগ্ৰ জীৱন লগতে কঢ়িয়াই লৈ ফুৰিব ৷ গতিকে মই নিবিচাৰো যে শিশুবোৰ স্মৃতি তিতা হওক ৷”

আনহাতে দৰিদ্ৰক সহায় কৰা প্ৰেৰণা বা সংস্কাৰ নিজৰ ঘৰতেই লাভ কৰিছিল চনু সুডে ৷ আৰ্তজনক সহায় কৰাতো জীৱনৰ একমাত্ৰ সফলতা বুলি পিতৃ-মাতৃয়ে শিক্ষা দিছিল চনুক ৷ চনু সুডৰ ঘৰ পঞ্জাবৰ মোগাত ৷ পেছাত চনু এজন অভিযন্তা ৷ মাতৃ এগৰাকী অধ্যাপিকা ৷ চনুৰ মাতৃয়ে পুৱা গধূলি দুখীয়া দৰিদ্ৰৰ ল’ৰা ছোৱালীক পঢ়াইছিল ৷ পিতৃ কাপোৰৰ ব্যৱসায়ী ৷ সম্প্ৰতি পিতৃৰ কাপোৰৰ ব্যৱসায়ৰ দায়িত্বত আছে চনু সুড ৷ কিন্তু যিয়েই নহওক চিনেমাত ভিলেইনৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ এই মহানুভৱতাক সকলো দেশবাসীয়ে আদৰি লৈছে ৷

Exit mobile version