হাজোৰ সনাতন ডেকাৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত উত্তপ্ত হাজোৰ থানা

যোৱা ২২ মে’ত হাজোৰ ৩নং মনাহকুছিত সংঘটিত হোৱা এটা সাধাৰণ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তেতেলীয়াৰ পাচলি ব্যৱসায়ী সনাতন ডেকাক নিৰ্মম ভাৱে প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগত অভিযুক্তসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত আজি স্থানীয় ৰাইজৰ লগতে বজৰং দলৰ নেতাকৰ্মীসকলে হাজো থানাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । অৱশ্যে দুজন অভিযুক্তক আজি পুৱতি নিশা হাজো আৰক্ষীয়ে কমলপুৰ আঠগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও বাকী দুজন বৰ্তমান পলাতক অৱস্থাত আছে । ইফালে আজি পুৱতি নিশা আঠগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হাজোৰ বৰম্বৈ মোখনীয়াৰ অগপ নেতা তথা হাজোৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীৰ পৰা ৰেল বিভাগত চাকৰিৰ প্ৰলোভন হবিবৰ ৰহমাৰ ভাতৃ তথা অভিযুক্ত ফাইজুল হক এগৰাকী ৰেল বিভাগৰ কৰ্মচাৰী আৰু আন এগৰাকী অভিযুক্ত ইউচুপউদ্দিন আলী ৷

আব্দুল জলিল আৰু খবিৰুদ্দিন আহমেদ এতিয়াও পলাতক অৱস্থাত আছে । আনহাতে আজি বিয়লি কামৰূপৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্ত হাজো থানাত উপস্থিত হৈ সনাতন ডকাৰ তদন্ত ক্ষীপ্ৰতাৰে চলিছে আৰু এই হত্যাৰ সৈতে জড়িতসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷ অধীক্ষক জনৰ স’তে অতিৰিক্ত অধীক্ষক সঞ্জীৱ শইকীয়া,মহকুমা আৰক্ষী বিষয়া কংকন জ্যোতি নাথ উপস্থিত থাকে ৷ উল্লেখযোগ্য যে আছুৰ দলটোৱে হাজোৰ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি দাসক সাক্ষাত কৰি বাকী পলাতক কেইজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ফাষ্ট ট্ৰেক আদালতত বিছাৰ কৰিবলৈ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

Exit mobile version