হাস্পতালৰ বিছনা পৰিৱৰ্তন হ’ব কফিনলৈ : ব্যৱসায়ীৰ বিশেষ উদ্যম

Coffin Bed

হাস্পতালৰ ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা বিছনাখনক কফিনলৈ পৰিৱৰ্তন কৰাৰ প্ৰচেষ্টাত সক্ৰিয়ভাৱে নামি পৰিছে কলম্বিয়াৰ এজন ব্যৱসায়ী । ইকুৱেড’ৰত অতি জনবসতিপূৰ্ণ চহৰ গুৱাকুলত কৰ’না আক্রান্ত একাংশ লোকৰ মৃতদেহ সৎকাৰ কৰিবলৈ অপেক্ষা কৰি থকা সকলৰ দীঘলীয়া শাৰী দেখাৰ পাছতে হাস্পতালৰ বিছনাক কফিনলৈ পৰিৱৰ্তন কৰাৰ ধাৰণা মনত জাগে ব্যৱসায়ীজনৰ । বিশ্বৰ অধিক সংখ্যক দেশতে বৰ্তমান একেই পৰিস্থিতিৰ উদ্ভৱ হৈছে।কলম্বিয়াৰো স্বাস্থ্য ক্ষেত্ৰখন ইমান উন্নত নহয় যে ক’ভিড-১৯ ৰোগীসকলক পৰ্যাপ্ত চিকিৎসা সেৱা আগবঢ়াব পাৰিব ।

যোৱা দুমাহ ধৰি কলম্বিয়াত কোৱাৰেণ্টাইনৰ ব্যৱস্থা অৱলম্বন কৰা হৈছে;কিন্ত কৰ’না মহামাৰীৰৰ ফলত কলম্বিয়াৰ হাস্পতালৰ লগতে শ্মশানত ভিৰ বৃদ্ধিহে হৈ গৈ আছে ।ফলত অতিকৈ উদ্বিগ্ন হৈ ব্যৱসায়ী ৰেডল’ফ গ’মেজে হাতে -কামে নামি পৰে বিছনা কফিন প্ৰস্তুত কৰাত।গ’মেজৰ এ বি চি নামৰ কোম্পানীটোৰ উদ্যোগত এনে বিছনা- কফিনৰ নক্সা প্ৰস্তুত কৰাৰ লগতে অন্যান্য সামগ্ৰী যুগুত কৰা তথা বিক্ৰীৰ বাবে প্ৰয়োজনীয় সকলো খুটি-নাটি অতি তৎপৰতাৰে সম্পন্ন কৰা হয় ।এই সন্দৰ্ভত গ’মেজে কয়,’মই চুবুৰীয়া ৰাষ্ট্ৰ ইকুৱেড’ৰৰ শেহতীয়া পৰিস্থিতি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছো ।কৰ’না আক্রান্ত হৈ মৃত্যু হোৱা সকলৰ মৃতদেহ লৈ দেশখনৰ বাসিন্দাসকলে দীঘলীয়া শাৰী পাতিবলগীয়া হৈছে ৰাজপথত।অন্তিম সৎকাৰৰ সমগ্ৰ ব্যৱস্থাটোৱে ভাঙি পৰিছে দেশখনত । সেয়েহে মই হাস্পতাল খনৰ বিছনাখনক কিছু উন্নত কৰি কফিনলৈ পৰিৱৰ্তনৰ প্ৰক্রিয়াত নামি পৰো।’

এই বিশেষ বিছনা খনত ধাতুৰে গঢ়া ‘ৰেলিং’ থাকিব ।চকা আৰু ব্ৰেক ব্যৱস্থাৰ লগতে বিছনা খন উঠোৱা -নমোৱা কৰিব পৰা হ’ব।বিছনা- কফিনৰ মুঠ ওজন ১৫০কিলোগ্ৰাম।এনে বিছনা -কফিনৰ মূল্য হ’ব ৯২ৰ পৰা ১৩২ ডলাৰৰ ভিতৰত।৪৪বছৰ বয়সীয়া ব্যৱসায়ী জনে পুনৰ কয় ,’যদি স্থানীয় চৰকাৰে বিচাৰে ,তেন্তে আৰু অধিক কম মূল্যতে এনে বিছনা-কফিন প্ৰস্তুত কৰিব পৰা হ’ব। মাহত অতি কমেও তিনি হেজাৰ এনে বিছনা -কফিন প্ৰস্তুত কৰিবলৈ আমি লক্ষ্য নিৰ্ধাৰণ কৰিছো।তদুপৰি এনে বিছনা-কফিনৰ ফলত স্বাস্থ্যকৰ্মী সকল কৰ’নাত আক্ৰান্ত হোৱাৰ ক্ষেত্ৰতো সকাহ লাভ কৰিব ।’ এনে ধৰণৰ প্ৰথমখন বিছনা -কফিন কলম্বিয়াৰ আমাজন অঞ্চলৰ লেটিচিয়াৰ এখন হাস্পতালক প্ৰদান কৰা হৈছে।হাস্পতাল খনত সীমিত সামৰ্থ্যৰ মাজতে যথেষ্ট সংখ্যক কৰ’না আক্ৰান্তক চিকিৎসা প্ৰদান কৰি থকা হৈছে।

Exit mobile version