হৰ্ণ বজাই তলাবন্ধৰ তীব্ৰ বিৰোধিতা স্পেইনবাসীৰ

53545002 304

কৰ’না সংক্ৰমণৰ পৰিপেক্ষিতত অব্যাহত থকা তলাবন্ধৰ বিৰোদ্ধে আজৱ পদ্ধতিৰে তীব্ৰ বিৰোধিতা প্ৰদৰ্শন কৰিলে স্পেইনবাসীয়ে ৷ দীৰ্ঘদিন ধৰি চৰকাৰেB দেশখনত তলাবন্ধ অব্যাহত ৰখাত অতীষ্ঠ হৈ হেজাৰ  হেজাৰ নাগৰিকে দেশখনৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচীত অংশ অংশ লৈছে  ৷ স্পেইনৰ বিৰোধী দলসমূহে অভিযোগ কৰা অনুসৰি চৰকাৰে নাগৰিকসকলক ঘৰৰ ভিতৰত ইচ্ছাকৃতভাৱে আৱদ্ধ কৰি ৰাখিছে । স্পেইনৰ দক্ষিণ পন্থী বিৰোধী দলে এই অভিযোগ উত্থাপন কৰি কয় যে চৰকাৰে দৰাচলতে সাধাৰণ নাগৰিকক কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত বিপথে পৰিচালিত কৰিছে ।

ধাৰাবাহিক তলাবন্ধৰ ফলত স্পেইনৰ অৰ্থনৈতিক ব্যৱস্থা ধ্বংস হ’বলৈ ধৰিছে  ৷ আৰু এনে পৰিস্থিতিত অতীষ্ঠ হৈ স্পেইনবাসীয়ে বাৰ্চিলোনা,মাৰ্দ্ৰিদ, ছেভিলা আদিত নিজৰ গাড়ী মটৰ চাইকেল আদি চলাই ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী অংশ লৈছে । স্পেইনবাসীয়ে যানবাহনৰ হৰ্ণ বজাই তলাবন্ধৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ একাংশ লোকে দেশখনৰ ৰাষ্ট্ৰীয় পতাকা হাতত লৈ ৰাজপথলৈ আহি সামাজিক বিধি পালনেৰে চৰকাৰ বিৰোধী প্ৰতিবাদত অংশ লৈছে ৷ স্পেইনৰ লগতে বিশ্বৰ আন কে’বাখনো দেশত তলাবন্ধৰ বিৰুদ্ধে নাগৰিকসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ আমেৰিকাৰ কে’বাখনো চহৰত এইদৰে নাগৰিকসকলে তলাবন্ধৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছে ৷ ইউৰোপৰ আন কে’বাখনো দেশত তলাবন্ধ প্ৰত্যাহাৰৰ দাবীৰে নাগৰিকসকলে আন্দোলন আৰম্ভ কৰিছে ৷

Exit mobile version