কৰ’নাৰ মাজতে ৰাজ্যজুৰি বানৰ তাণ্ডৱ

IMG 20200526 122029

পৰিৱৰ্তন শ্ল’গান দিলেও কোনো পার্থক্য নৰখাকৈ পূৰ্বৰ চৰকাৰে সফল উত্তৰসূৰীৰ ভূমিকাত অৱতীৰ্ণ হৈছে ৰাজ্যৰ মিত্ৰজোট চৰকাৰ। সেইবাবে বাৰিষা আৰম্ভ হোৱাৰ সময়ত আৰম্ভ হৈছে মথাউৰি নিৰ্মাণ তথা মেৰামতিৰ কাম । ফলত বানৰ সমানে চলিছে মথাউৰিৰ তথা কথিত উন্নয়ন কাৰ্য । ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে ২৪ মাৰ্চৰ পৰা দেশত আৰম্ভ হোৱা তলাবন্ধৰ ফলত মথাউৰিৰ কাম বন্ধ হোৱাটো চৰকাৰখনৰ বাবে কেৱল এক অজুহাতহে হৈ পৰিছে। ফলস্বৰূপে অসমত মৌচুমীৰ প্ৰভাৱ পূৰ্ণ ৰূপত নৌ পৰোতেই বিস্তৃত অঞ্চল বানত বুৰ গৈছে ।

wউল্লেখযোগ্য যে অহা ৩০ মে’ৰ ভিতৰত ৰাজ্যত থকা সকলো ক্ষতিগ্ৰস্ত মথাউৰিৰ মেৰামতি সম্পূৰ্ণ কৰিবলৈ জলসম্পদ বিভাগক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিছে। সেই নিৰ্দেশ বাস্তৱত ফুটুকাৰ ফেন হোৱাটো অৱধাৰিত হৈছে। অথচ বান বিধ্বস্ত ৰাজ্য খনক এই আহুকালৰ পৰা পৰিত্ৰাণ দিবলৈ নৱেম্বৰ -ডিচেম্বৰৰ পৰাই মথাউৰি নিৰ্মাণ আৰু মেৰামতি কাম আৰম্ভ কৰে হ’ব বুলি বৰ্তমান ৰাজ্য চৰকাৰ খনে প্ৰতিশ্ৰুতি দি আহিছিল। এইবাৰ আনকি মথাউৰি বোৰ পথৰূপেও গঢ়ি তোলাৰ ঘোষণা কৰা হৈছে। কিন্ত সকলো গালো বালো খোলাকটি তাল হৈ পৰা পৰিণতিত প্ৰথমটো বানতে ৰাজ্যত কে’বা লাখো লোকে ককবকাবলগীয়া হৈছে। নষ্ট হৈছে বিস্তীৰ্ণ কৃষি ভূমি , বুৰ গৈছে পুখুৰী। শ শ বিঘা ভূমিত কৰা বৰো ধানৰ খেতি এতিয়া পানীৰ তলত।

গোৱালপাৰাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত আগিয়া-কালপানী চান্দমাৰীত হাহাকাৰ

ধৰাসাৰ বৰষুণ আৰু মেঘালয়ৰ পৰা নামি অহা পানীৰ ধলে গোৱালপাৰা জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰাৰ লগতে বহু স্থানত যোগাযোগ ব্যৱস্থাও বিচ্ছিন্ন কৰিছে। জিলা প্ৰশাসনৰ তথ্য অনুসৰি গোৱালপাৰাত ৮৯ খন ৰাজহ গাঁৱৰ ২২,৫৯৩ জন লোক বানৰ কবলত পৰিছে। ইয়াৰে বালিজানা ৰাজহ চক্ৰৰ ৩৫ খন গাঁৱৰ ১৫,২৮০ আৰু লক্ষীপুৰ ৰাজহ চক্ৰৰ ৫৪ খন গাঁৱৰ ৭,৩২৩ জন লোক অধিক ক্ষতিগ্ৰস্ত হৈছে। বালিজানা ৰাজহ চক্ৰ অঞ্চলত স্থাপন কৰা ১৬ টা আশ্ৰয় শিবিৰত ৫,৬৪১ জন আৰু লক্ষীপুৰ ৰাজহ চক্ৰৰ ১৭ টা আশ্ৰয় শিবিৰত ৩,৩০০ জন লোকে আশ্ৰয় লৈ আছে। বানাক্ৰান্তৰ সংখ্যা জিলাখনত ক্ৰমান্বয়ে বৃদ্ধি হৈছে। মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা প্ৰবল সোঁতে আগিয়া আৰু কালপানী-চান্দমাৰী পঞ্চায়তৰ ২০ খনৰো অধিক গাঁও বুৰাই পেলাইছে। ইয়াৰ ফলত সৃষ্টি হৈছে সাগৰ সদৃশ পৰিৱেশৰ।

পশ্চিম নলবাৰীত ভয়াবহ বানৰ আশংকা

বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চল যিকোনো মুহূৰ্তত প্ৰলয়ংকৰী বানৰ কবলত পৰাৰ আশং‌কা তীব্ৰতৰ হৈছে। প্ৰৱল বানৰ অঞ্চলটোৰ হাতীপোটাত বুঢ়াদিয়া নদীৰ মথাউৰিৰ বৃহৎ অংশ ছিঙি নিয়াত আমনি, শুকেকুছি, কঠলা, পখুৰা, শোলমৰা, লখোপুৰ, বৰবিলা, হেলচা, দাহুদি, চাৰাব‌ড়ি আদিকে ধৰি ২০ খন গাঁও প্ৰবল বানৰ কবলত পৰিছে।

নোৱাৰ পানীয়ে ভাঙিলে মথাউৰি

ইপিনে, ওদালগুৰি জিলাৰ কলাইগাঁৱৰ শিঙৰীমাৰী গোবিন্দপুৰত নোৱা নদীৰ মথাউৰি চিঙি যোৱাত কলাইগাঁৱৰ বৃহত্তৰ অঞ্চল জলমগ্ন হৈ পৰিছে। এতিয়া মথাউৰি ভাঙি পৰাৰ ফলত সেই স্থানৰ সমীপতে থকা কমেও ৬০ টা পৰিয়ালৰ ঘৰ-দুৱাৰ পানীয়ে বুৰাই পেলায়। উল্লেখ্য যে বিগত বৰ্ষত এই মথাউৰিটো মেৰামতি কৰা হৈছিল। কিন্তু মেৰামতিৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ ফলত পুনৰ যোৱা নিশা এটা অংশ ভাঙি যায়। বাঢ়নী পানীয়ে মঙলদৈ ভূটীয়া চাংপথ বুৰাই পেলোৱাৰ লগতে শ শ বিঘা খেতি পথাৰত থকা শস্যও নষ্ট কৰি পেলায় ।

মুখ্যমন্ত্ৰীৰ গৃহ পঞ্চায়তৰ বহু গাওঁ প্লাবিত

মূষলধাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়ত বিন্ধাকটাৰ কে’বাখনো গাঁও জলমগ্ন হৈছে। মিৰিগাঁও, টেঙাবাৰী, গেৰেকী নেপালী, ৰংমলা, দধিয়া আইচুং চাপৰি, মহমৰা আদি পানীত বুৰ গৈছে। ডিব্ৰু ছৈখোৱা অভয়াৰণ্যৰো বিস্তীৰ্ণ অঞ্চল বানত প্লাবিত হৈছে। উদ্যানখনৰ ২০ টা বনৰীয়া ঘোঁৰা যোৱাকালি বাঢ়নী পানীত উটি যায় যদিও ৰাইজৰ প্ৰচেষ্টাত ঘোঁৰা কেইটা উদ্ধাৰ কৰি পুনৰ উদ্যানলৈ পঠিয়াই দিয়া হয়। বানৰ সমানে খহনীয়াও অব্যাহত থকাত চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত মিৰিগাঁও প্ৰাথমিক বিদ্যালয় খন ডিব্ৰু নদীত জাহ যোৱাৰ উপক্ৰম হৈছে। তিনিচুকীয়াৰ গুইজানকে ধৰি ন ন অঞ্চল বানত বুৰ গৈছে। ডিব্ৰু নদীৰ বাঢ়নী পানীয়ে গুইজান নতুন গাওঁ সংযোগী নতুন পকী পথটো বুৰাই পেলাইছে।

Exit mobile version