কৰ’না ভাইৰাছ পুৰুষ নে স্ত্ৰী!

কৰ’না ভাইৰাছৰ কবলত পৰি ফ্ৰান্সৰো অনেক বিপৰ্যয় ঘটিছে। কে’বা হেজাৰ ফৰাচী লোকে প্ৰাণো হেৰুৱাবলগীয়া হৈছে । ৰোগৰ পৰা ৰক্ষা পোৱাৰ বাবেও দেশ খনে হাবাথুৰি খাবলগীয়া হৈছে । ইয়াৰ মাজতো ফ্ৰান্সৰ ভাষাবিদ সকলে কৰ’না ভাইৰাছৰ লিংগ নিৰ্ধাৰণক কেন্দ্ৰ কৰি টনা-আঁজোৰা অব্যাহত ৰাখিছে । কৰ’না ভাইৰাছ বা ক’ভিড-১৯ প্ৰকৃততে পুলিংগ নে স্ত্ৰীলিংগ ? কৰ’নাৰ আগত ‘লো’ বহিব নে ‘লা’ বহিব ?ফৰাচী ভাষাটোৰ বাবেই এতিয়া দেশখনৰ ভাষাবিদ সকলৰ মাজত এইবোৰ বিষয়ক লৈ মতভেদ অব্যাহত আছে । আন ভাষা হোৱা হ’লে বিশেষ সমস্যা নাছিল । কিয়নো পৃথিৱীৰ অধিকাংশ ভাষাতে ‘নিউট্ৰেল জেণ্ডাৰ’ বা উভয় লিংগৰ শব্দ অনেক আছে । কিন্তু ফৰাচী ভাষাৰ ক্ষেত্ৰত বিষয়টো ভিন্ন । অৱশেষত ফৰাচী ভাষাৰ সংৰক্ষণ কৰা এটা প্ৰতিষ্ঠানে দাবী কৰিছে যে কৰ’না আচলতে স্ত্ৰী লিংগৰ শব্দ । সেয়ে ক’ভিড শব্দৰ পূৰ্বে ফৰাচীসকলে এতিয়াৰ পৰা ‘লা’ যুক্ত কৰিব লাগিব।

উল্লেখ্য যে ফৰাচী ভাষাত স্ত্ৰী লিংগ বাচক শব্দৰ আগত ‘লা’ বহে । সেইদৰে পুলিংগ শব্দৰ আগত বহে ‘লো’ ।আকৌ বহুবচনৰ ক্ষেত্ৰত বহে ‘লে’ । অৱশ্যে ইয়াৰ পূৰ্বে একাংশ ফৰাচী ভাষাবিদে দাবী কৰিছিল যে ক’ভিড পুৰুষ সুলভ শব্দ । কিন্ত একাডেমী ফ্রঁছেজে হৈছ ফৰাচী ভাষাৰ ৰক্ষক সংস্থা । ফৰাচী ভাষাত যাতে ইংৰাজী বা আন কোনো ভাষাৰ আধিপত্য আৰু প্ৰভাৱ বিস্তাৰ নহয়, সেই বিষয়টোৱেই উক্ত সংস্থাই চোৱাচিতা কৰে ।সেয়ে এই কৰ’না সংকটৰ সময়তো সংস্থাটোৱে ক’ভিড লিংগ নিৰ্ধাৰণক লৈ ব্যস্ত হৈ আছে । উল্লেখ্য যে অধিকাংশ ফৰাচী লোকেই ‘সপ্তাহান্তিক’ শব্দটোৰ আগত ‘লো’ ব্যৱহাৰ কৰে । কিন্তু একাডেমী ফ্রঁছেজ ইয়াৰ বিৰোধী। ফৰাচী ভাষাত শেহতীয়াকৈ ইংৰাজী শব্দৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা বুলিও সংস্থাটোৱে অভিযোগ কৰিছে । সেয়ে ৪০জনীয়া সদস্যৰ সংস্থাটোৱে অনেক বাচ-বিচাৰ কৰি ঘোষণা কৰিছে যে ফৰাচীসকলে লো ক’ভিড -১৯ ৰ পৰিৱৰ্তে লা ক’ভিড -১৯ বুলি উচ্চাৰণ কৰিব লাগিব ।

Exit mobile version