গুৰুগ্ৰামৰ অ’টো কেন্দ্ৰতে কাম হেৰুৱাব ৩০ লক্ষই

iStock 22930472 XLARGE

ন’ভেল কৰ’না ভাইৰাছ বিয়পি পৰাৰ সময়ৰে পৰা দেশৰ ব্যৱসায় বাণিজ্যৰ অৱস্থা শোচনীয় হৈ পৰিছে ।দেশৰ গাড়ীৰ উদ্যোগো ইয়াৰ ব্যতিক্ৰম নহয়। ইয়াৰ পৰিপেক্ষিতত যিকোনো মুহূৰ্ততে এই উদ্যোগৰ স’তে জড়িত দেশৰ কে’বা লাখ স্থায়ী অস্থায়ী কৰ্মচাৰী কৰ্মসংস্থানহীন হৈ পৰাৰ আশংকাই দেখা দিছে ৷কৰ’নাৰ তাণ্ডৱ আৰম্ভ হোৱাৰ আগৰে পৰাই দেশৰ অটোম’বাইল উদ্যোগত শনিৰ কোপদৃষ্টি পৰিছিল । যাৰ বাবে আৰম্ভ হৈছিল কৰ্মী সংকোচনৰ প্ৰক্ৰিয়া ৷ সেই সংকট দূৰ হোৱাৰ পূৰ্বেই দেশত আৰম্ভ হ’ল কৰ’নাৰ তাণ্ডৱ ৷ দুমাহৰো অধিক দিনৰ তলাবন্ধৰ প্ৰভাৱত দেশৰ এই অটোম’বাইল উদ্যোগলৈও অশনি সংকেত নামি আহিছে। উৎপাদন আৰু বিক্ৰী বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন গাড়ী কোম্পানীয়ে বিপুল হাৰত কৰ্মী চাটাই কৰাৰ সিদ্ধান্ত লৈছে ৷

ADVERTISEMENT

উদ্যোগ মহলে আশংকা কৰিছে যে কেৱল হাৰিয়ানাৰ গুৰুগ্ৰামৰ অটোম’বাইল কেন্দ্ৰতে ২০ ৰ পৰা ৩০ লক্ষ লোকে চাকৰি হেৰুৱাব পাৰে। উদ্যোগ ক্ষেত্ৰখনৰ বিশেষজ্ঞই আশংকা কৰিছে যে কমেও ছমাহৰ পূৰ্বে এই উদ্যোগটোও উভতি থিয় দিয়াৰ সম্ভাৱনাতো নায়েই,বৰঞ্চ সংকট আৰু গভীৰহে হ’ব পাৰে ৷এই ক্ষেত্ৰত সবাতোকৈ অধিক কোপ দৃষ্টি পৰিব অস্থায়ী কৰ্মীসকলৰ ওপৰত ৷ কিয়নো অস্থায়ী কৰ্মীক ছাটাই কৰাৰ ক্ষেত্ৰত কোম্পানীসমূহৰ কোনো বাধ্য বাধক্যতা নাই। উপৰিঞ্চি বহু কোম্পানীয়ে স্থায়ী কৰ্মীকো ছাটাই কৰিবলৈ আৰম্ভ কৰিছে। উল্লেখযোগ্য যে গুৰুগ্ৰাম মানেছৰ বাৱাল অঞ্চলক কেন্দ্ৰ কৰি গঢ়ি উঠিছে দেশৰ অটোম’বাইল ক্ষেত্ৰ ৷মাৰুতি,হিৰোহুণ্ডাৰ পৰা আৰম্ভ কৰি অধিকাংশ গাড়ী উদ্যোগৰ প্ৰধান উৎপাদন ক্ষেত্ৰ এইবোৰ অঞ্চলতে আছে। ইয়াৰ উপৰি এই অটোম’বাইল উদ্যোগক কেন্দ্ৰক কৰি এই অঞ্চলসমূহত গঢ়ি উঠিছে প্ৰচুৰ সহযোগী কোম্পানী ৷

এই অটোম’বাইল ক্ষেত্ৰতে প্ৰায় ৬০ লাখ লোকে জীৱিকা উপাৰ্জন কৰি আছে ।আনহাতে সমগ্ৰ দেশত গাড়ী উদ্যোগত জড়িত আছে প্ৰায় এক কোটি ৪০ লাখ লোক ৷হাৰিয়ানাৰ বনিক সন্থা “চি আইআই”ৰ ইজ অব ডুইং বিজনেছৰ অধ্যক্ষ হৰভজন সিঙৰ মতে “তলাবন্ধৰ আঘাতে অটোম’বাইল কেন্দ্ৰলৈ আগ্ৰাসী ৰূপ লৈ আগুৱাই আহিছে । সিঙে কয়” অটোম’বাইল উদ্যোগ কমেও ৫০ শতাংশ সংকুচিত হ’বলৈ গৈ আছে ৷ইয়াৰ প্ৰভাৱ নিশ্চিতভাৱে কৰ্মসংস্থাপনত পৰিব। ইফালে বিশেষজ্ঞই কৈছে যে এই সংকট অদূৰ ভৱিষ্যতেও দূৰ হোৱাৰ সম্ভাৱনা নাই ৷ এই ক্ষেত্ৰত যুক্তি দৰ্শাই একাংশ বিশেষজ্ঞই কয় যে কৰ’না ভাইৰাছৰ বাবে নতুন নিয়ম ত মালিকপক্ষই বিচাৰিলেও উৎপাদন এশ শতাংশ কৰিব নোৱাৰি। বিশেষজ্ঞসকলে লগতে মন্তব্য কৰিছে যে প্ৰত্যেক পণ্যই হৈছে চাহিদাভিত্তিক । তলাবন্ধৰ বাবে মানুহৰ আয় হ্ৰাস পাইছে ৷ ফলত বিলাসিতাপূৰ্ণ পণ্যত মানুহে এতিয়া সহজে ব্যয় কৰিবলৈ নিবিচাৰিব ৷ সকলো মিলাই পৰ্যটন, বিমান পৰিবহনতকৈও অটোম’বাইল ক্ষেত্ৰখন অধিক ক্ষতিগ্ৰস্ত হোৱাৰ দিশে অগ্ৰসৰ হৈছে বুলিয়ে ধাৰণা কৰিছে বিশেষজ্ঞই ৷

Exit mobile version